Chargesheet Viral:
জুবিন গাৰ্গ হত্যা গোচৰৰ ১২হাজাৰ পৃষ্ঠাৰ চাৰ্ছশ্বীট এছআইটিয়ে দাখিল কৰিছিল কামৰূপ চিজেএম আদালতত। কিন্ত আদালতত দাখিলৰ দুদিনৰ পিছৰে পৰা কেতবোৰ পৃষ্ঠা সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছিল ৷
ADVERTISEMENT
চাৰ্টিফাইট কপি আদালতৰ পৰা নোলোৱাকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল কৰাক লৈ শেহতীয়াকৈ সত্ৰ ন্যায়াধীশ আদালতত ০১/২০২৬ নম্বৰত ৰজু হৈছে গোচৰ ৷ উল্লেখ্য যে বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি চার্জশ্বীট ৰাজহুৱা কৰাৰ সমান্তৰালভাৱে আন একাংশ লোকেও সামাজিক মাধ্যমত ভাইৰেল কৰিছিল চার্জশ্বীটৰ পৃষ্ঠাৰ কেতবোৰ অংশ ৷




































