Cm Vigilance Raid :
দুর্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিদ্যালয়ত পুৱাৰে পৰা চিএম ভিজিলেঞ্চ চলাই অভিযান । তামুলীৰ মালিকাধীন সোণাপুৰৰ ৰেডিয়েন্ট ইণ্টাৰনেশ্যনেল স্কুলত পুৱাৰে অব্যাহত থাকে চিএম ভিজিলেঞ্চৰ অভিযান ৷
উল্লেখ্য যে দুর্নীতিগ্ৰস্ত অভিযন্তা গৰাকীৰ বিৰুদ্ধে নীতি বহির্ভূতভাৱেও এফ এছ গ্ৰাণ্টৰ ভূমি দখলৰ তথ্য লাভ কৰিছিল দিছপুৰ বিধায়ক অতুল বৰাই ৷ তাৰ পিছতে বিধায়ক বৰাই চিএম ভিজিলেন্সত অভিযন্তা গৰাকীৰ বিৰুদ্ধে ৰজু কৰে গোচৰ ৷ ইতিমধ্যে ৩৩/২০২৫ নম্বৰত ৰুজু হোৱা গোচৰ অনুসৰি চিএম ভিজিলেন্সে তামুলীৰ বাসগৃহ তালাচী চলোৱাৰ পিছতে আজি পুৱাৰে পৰা সোণাপুৰৰ ৰেডিয়েন্ট ইণ্টাৰনেশ্যনেল স্কুলত চলাই অভিযান ৷
উল্লেখ্য যে চিএম ভিজিলেঞ্চ দুর্নীতিগ্ৰস্ত অভিযন্তা গৰাকীৰ বাসগৃহত অভিযান চলোৱাৰ দিনাৰে পৰা বৰ্তমান পলাতক অৱাস্থাত আছে অভিযন্তাজন ৷




































