María Corina Machado:✒️ভেনিজুৱেলাৰ বাঁওপন্থী ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰ’ আৰু তেওঁৰ পত্নী চিলিয়া ফ্ল’ৰেছক বন্দী কৰাৰ পৰিকল্পনা কিছুমাহ পূর্বে গ্রহণ কৰে ট্রাম্প প্রশাসনে। এই পৰিকল্পনা প্রস্তুতত অন্যতম মুখ্য ভূমিকা গ্রহণ কৰে মার্কিন গুপ্তচৰ সংস্থা চিআইএই।দৰাচলতে চিআইএৰ জালত ভৰি দিয়ে মাদুৰ’ আৰু তেওঁৰ পত্নী।
কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত থকা সপত্নীক ৰাষ্ট্ৰপতিৰ অজ্ঞাতে ভেনিজুৱেলা চৰকাৰত সোমাই পৰে চিআইএৰ গোপন এজেন্ট। চিআইএৰ এই এজেন্টে ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ ধৰে। বিগত দুই-তিনিদিন ধৰি চিআইএৰ এজেন্ট অধিক সক্রিয় হৈ পৰে বুলি সূত্রই জনায়। এই এজেণ্টৰ পৰা পোৱা খবৰ গুপ্তচৰ সংস্থাটোৱে ট্রাম্পৰ কাণত পেলায়।
সেই অনুসৰি ট্রাম্পে অত্যন্ত ঘনিষ্ঠ বিষয়াবৰ্গৰ স’তে পত্নীসহ মাদুৰ’ক জালত পেলোৱাৰ পৰিকল্পনা প্রস্তুত কৰে। এই পৰিকল্পনা প্রস্তুতকার্য অত্যন্ত গোপনে চলে। ট্রাম্প আৰু তেওঁৰ ঘনিষ্ঠ শীর্ষ চৰকাৰী বিষয়াবৰ্গৰ বাহিৰে আন কোনেও পৰিকল্পনাৰ বিষয়ে ঘুণাক্ষৰেও জনা নাছিল। আনকি ট্রাম্পে ভেনিজুবেলাত অভিযান চলাবৰ বাবে মার্কিন সংসদৰ পৰা অনুমতিও নল’লে।
এনে অবস্থাতে নিশাৰ আন্ধাৰৰ সুযোগ লৈ মার্কিন বাহিনীয়ে ভেনিজুবেলাত ধাৰাসাৰ বোমাবর্ষণ কৰে। গতিকে স্বয়ং একাংশ মার্কিন নাগৰিকে এই অভিযানক অবৈধ আখ্যা দিছে। ‘দ্য নিউয়র্ক প’ষ্ট’ কাকততো এই অভিযানক অবৈধ আখ্যা দি এটা লেখা প্রকাশ পাইছে।
মাচাদোক ভেনিজুৱেলাৰ তত্ত্বাবধায়ক শাসক নিযুক্তি দিয়াৰ সম্ভাৱনা
মার্কিন বাহিনীয়ে ৰাষ্ট্ৰপতি মাদুৰ’ আৰু তেওঁৰ পত্নীক বন্দী কৰি নিয়াৰ পাছত সম্প্রতি ভেনিজুৱেলাৰ অৱস্থা ট্রাম্পৰ পুতলা সদৃশ হৈছে। ট্রাম্পেও দেশখনত হস্তক্ষেপ অব্যাহত ৰখাৰ স্পষ্ট ইংগিত দিছে। এনে অবস্থাতে চর্চা হৈছে যে মার্কিন ট্রাম্প প্রশাসনে ভেনিজুৱেলাৰ বিৰোধী নেত্রী তথা ২০২৫ৰ শান্তিৰ ন’বেল বঁটা বিজয়ী মাৰিয়া কৰিণা মাচাদোক দেশখনৰ তত্ত্বাৱধায়ক শাসকৰ দায়িত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে।
অৱশ্যে বাতৰি লিখা পৰালৈকে ট্রাম্প প্রশাসনে এই সংক্রান্তীয় কোনো স্পষ্ট ইংগিত দিয়া নাই। উল্লেখ্য যে মাচাদো মার্কিন পুঁজিপতি গোষ্ঠীৰ হাতৰ পুতলা বুলিও সততে চর্চিত হয়। তেওঁ ভেনিজুবেলাৰ ৰাজহুৱা তৈল প্রতিষ্ঠানৰ ব্যক্তিগতকৰণৰো দাবী উত্থাপন কৰি আহিছে। এনে দাবীত আন্দোলন গঢ়ি তুলি মাদুৰ’ চৰকাৰৰ ৰোষত পৰা মাচাদোৱে যোৱা বছৰৰ ন জানুৱাৰীত আত্মগোপন কৰে।
তেওঁ আত্মগোপন কৰি থকা কালতে যোৱা বৰ্ষৰ শান্তিৰ ন’বেল বঁটা লাভ কৰে। অৱশ্যে এই বঁটা বিতৰণৰ পাছত যোৱা ১১ ডিচেম্বৰত মাচাদো লোকচক্ষুৰ সন্মুখলৈ আহে। তেতিয়ালৈ তেওঁ আত্মগোপন কালৰ ১১ মাহ পাৰ হয়। নৰ’ৱেৰ ৰাজধানী অছলোৰ এখন হোটেলৰ বেলকনিৰ পৰা তেওঁ সমর্থকসকলক হাত জোঁকাৰি অভিবাদন জনায়।
লক্ষ্যণীয়ভাৱে মাচাদোৰ স’তে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰো সুসম্পর্ক থকা বুলি চর্চা হয়। সেই সূত্রেই তেওঁ ভেনিজুৱেলাৰ তত্ত্বাবধায়ক শাসকৰ দায়িত্ব লাভৰ সম্ভাৱনা প্রবল হোৱা বুলি সূত্রই প্রকাশ কৰিছে।
অৱশ্যে তেওঁ ভেনিজুৱেলাৰ তত্ত্বাৱধায়ক শাসকৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে নুই কৰিছে। তাৰ পৰিৱৰ্তে তেওঁ বিগত ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত প্রার্থী এডমুণ্ডো গঞ্জালেছে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্রহণ কৰাটো বিচাৰিছে। উল্লেখ্য যে বিগত নির্বাচনত মাদুৰ’ৱে এডমুণ্ডোক ষড়যন্ত্ৰ কৰি পৰাস্ত কৰা বুলি দেশখনৰ বিৰোধীসকলে দাবী কৰি আহিছে।
সম্প্ৰতি মাদুৰ’ৰ পতনৰ পাছত মাচাদোরে কয়, ‘২০২৪ৰ ৰাষ্ট্ৰপতি নির্বাচনত জয়লাভ কৰা বুলি বিৰোধী, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন্তর্জাতিক পর্যবেক্ষকসকলে দাবী কৰা এডমুণ্ডো গঞ্জালেছে তাৎক্ষণিকভাবে ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্রহণ কৰা উচিত।’ লগতে তেওঁ মাদুৰ’ৰ পতনৰ ফলত ভেনিজুৱেলালৈ স্বাধীনতা আহিল বুলিও অভিহিত কৰে।






























