এফালে বন্দে ভাৰত ৰে’লসেৱা প্ৰৱৰ্তনেৰে চমক দিছে ভাৰতীয় ৰে’লে৷ আনফালে একেই সময়তে একেই ভাৰতীয় ৰে’লৰ চৰম অব্যৱস্থাৰ বাবে দুৰ্ভোগ ভূগিছে যাত্ৰীয়ে৷ গোৱালপাৰা হৈ নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ অহা-যোৱা কৰা যাত্ৰীবাহী ৰে’লত যাত্ৰীসকলৰ বাবে এয়া সচৰাচৰ ঘটনাত পৰিণত হৈছে৷
প্ৰায় ৰে’ল বিভাগৰ চৰম অনীহা, অব্যৱস্থাৰ বাবে যাত্ৰীসকলে অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ আজিও বিয়লি নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা যাত্ৰাবাহী ৰে’লখনত একেই ঘটনাৰ পুনৰাবৃত্তি ঘটাত যাত্ৰীসকল ক্ষোভিত হৈ পৰিছে৷
উল্লেখযোগ্য যে ৫৫৮০৩ নম্বৰৰ উজনিমুৱা নিউ বঙাইগাঁও-গুৱাহাটী ৰে’লখনে প্ৰতিদিনে বিয়লি ৫ বজাত নিউ বঙাইগাঁও জংচন এৰে৷ আজিও উক্ত ৰে’লখনেৰেই ভালেসংখ্যক যাত্ৰী গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ কিন্তু ৰে’লখন কিছুদূৰ যোৱাৰ পাছতে তথা এন্ধাৰ নামি অহাৰ পাছতে যাত্ৰীসকলে অনাকাংক্ষিত পৰিবেশৰ মুখামুখি হ’বলগীয়া হয়৷
ৰে’লখনত যাত্ৰা কৰা কেবাগৰাকী যাত্ৰীয়ে অভিযোগ কৰা অনুসৰি যাত্ৰীবাহী ৰে’লখনৰ তিনিটা দবাতেই আজি পোহৰৰ ব্যৱস্থা নাই৷ এন্ধাৰ নামি অহাৰ পাছতো দবাকেইটাত বিজুলীবাতি নজ্বলাত একাংশ যাত্ৰীয়ে উক্ত দবাকেইটাৰ পৰা আন দবালৈ যোৱাৰ বিপৰীতে আন একাংশ যাত্ৰীয়ে পোহৰ অবিহনেই যাত্ৰা কৰিবলগীয়া হয়৷
স্বাভাৱিকতে ৰে’ল বিভাগৰ এনে কাৰ্যত যাত্ৰীসকল ক্ষোভিত হৈ পৰিছে আৰু বছৰি লাখ লাখ টকা যাত্ৰীসকলৰ পৰা আদায় কৰা সত্বেও বিভাগে যাত্ৰীৰ সুবিধা-অসুবিধাৰ দিশটোক আওকাণ কৰা কাৰ্যক ধিক্কাৰ দিছে, তদন্তৰো দাবী জনাইছে৷ মন কৰিবলগীয়া যে প্ৰতিদিনে নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ গোৱালপাৰা হৈ অহা-যোৱা কৰা স্থানীয় যাত্ৰীবাহী ৰে’ল দুখনেই অভয়াপুৰী, গোৱালপাৰা আদিৰ প্ৰায়সংখ্যক মধ্যবিত্ত, নিম্ন মধ্যবিত্ত লোকৰ অন্যতম যাতায়াতৰ মাধ্যম৷
কিন্তু ৰে’ল বিভাগে ‘বন্দে ভাৰত’ৰ দৰে ৰে’লৰ কথা কৈ বিভাগৰ কৃতিত্বৰ কথা প্ৰচাৰ চলোৱাৰ বিপৰীতে আন স্থানীয় যাত্ৰীবাহী ৰে’লক গুৰুত্বহীন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷






























