Earthquake:পুৱতি নিশা ভূমিকম্পৰ তীব্ৰ জোকাৰণিৰ

বাংলাদেশ, নেপাল, ভাৰত, মেয়ানমাৰ, ভূটান আৰু চাইনাত ইয়াৰ প্ৰভাৱ, ইয়াৰ প্ৰাৱল্য আছিল ৫.৬, অভিকেন্দ্ৰৰ স্থান নগাঁও জিলাৰ ধিং

WhatsApp Image 2026 01 05 at 10.59.24 AM

Earthquake:

পুৱতি নিশা ৪-১৭ মিনিটত ভূমিকম্পৰ তীব্ৰ জোকাৰণি৷ ভাৰত বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান আৰু চীনত ইয়াৰ প্ৰভাৱ পৰে ৷ ইয়াৰ প্ৰাৱল্য আছিল ৫.৬ |ইয়াৰ অভিকেন্দ্ৰ মৰিগাঁও জিলাৰ পৰা ১৪ কিঃ মিঃ নিলগত নগাঁও জিলাৰ ধিং বুলি ধাৰণা কৰা হৈছে |
আনহাতে পুৱতি নিশা অহা ভয়ংকৰ ভমিকম্পৰ ফলত নগাঁও জিলাৰ চামগুৰিত বিস্তৰ ক্ষতিসাধন হয়। চামগুৰিৰ বৰালীগাঁৱৰ চাবিৰ আহমেদৰ বাসগৃহৰ দেৱালয় খহি পৰে ভূমিকম্পৰ ফলত । একেদৰে নগাঁৱৰ বৰঘাট চ’কৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অত্যাধুনিক চিলিং তাচপাতৰ দৰে খহি পৰে ৷এই ভয়াৱহ দৃশ্য বন্দী হয় প্ৰতিষ্ঠানখনৰ চি চি কেমেৰাত । অৱশ্যে আন ক’তো বেছি ক্ষয়ক্ষতি জানিব পৰা হোৱা নাই ৷

Exit mobile version