School Closed :প্ৰচণ্ড শীত ! মঙলবাৰৰ পৰা ১০ জানুৱাৰীলৈ নলবাৰীত বিদ্যালয় বন্ধ ঘোষণা

WhatsApp Image 2026 01 05 at 4.46.57 PM

School Closed :

ৰাজ্যত অব্যাহত শীতৰ প্ৰকোপ ৷ ডিচেম্বৰৰ দ্বিতীয়টো পষেকৰ পৰা ৰাজ্যত অব্যাহত থকা প্ৰচণ্ড শীতে লহৰে ৰাজ্যবাসীক বাৰুকৈয়ে জ্বলাকলা খোৱাইছে। প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত ছয় জানুৱাৰীলৈ সকলো শিক্ষানুষ্ঠানৰ পাঠদান বন্ধ ঘোষণাৰ বিপৰীতে নগাঁও সহ কেতবোৰ জিলাত শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী সালসলনি কৰা পৰিলক্ষিত হয় ৷

আনহাতে সোমবাৰে গুৱাহাটী নলবাৰী সহ নামনি অসমত পুৱাৰে বতৰ প্ৰতিকুল আৰু প্ৰচণ্ড ঠাণ্ডা ৷ যাৰবাবে আজি নলবাৰী জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশনা যোগে মঙলবাৰৰ পৰা ১০ জানুৱাৰীলৈকে জিলা খনৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ ঘোষণা কৰে I

Exit mobile version