Akhil Gogoi:৬০টা সমষ্টিত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ মন্ত্ৰী সিংহলক দায়িত্ব বিজেপিৰ:অখিল গগৈ

WhatsApp Image 2026 01 06 at 2.39.05 PM

Akhil Gogoi:

অসমত ভোটাৰ তালিকাৰ বিশেষপুনৰীক্ষণ (এছতাৰ) ৰ নামত বিজেপিয়ে নির্বাচন জয়ৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ কৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে। কালি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলৰ বিধায়ক, জিলা সভাপতি আদিক লৈ ভিডিঅ’ কনফাৰেঙিৰ জৰিয়তে অনুষ্ঠিত কৰা এখন সভাত এই ষড়যন্ত্র পোহৰলৈ অহাৰ দাবী কৰে গগৈয়ে। এইখন সভাত হোৱা আলোচনা নিজ কাণে শুনা বুলি দাবী কৰি আজি এক ভিডিঅ’ৰ জৰিয়তে গগৈয়ে কয়, ‘এই ভিডিঅ’ কনফাৰেন্সিং আহান কৰা হৈছিল দলটোৱে ৰূপায়ণ কৰা দেৱাল লিখন কাৰ্যসূচীক লৈ। তাৰ পাছতে দিলীপ শইকীয়াই অসমত বর্তমান চলি থকা এছআৰক লৈ দলৰ নেতাসকলে প্রয়োজনীয় গুৰুত্ব নিদিয়া বুলি ধমকি দিয়ে। দিলীপ শইকীয়াই এই বুলি কয় যে আমাৰ মন্ত্রী অশোক সিংহলক ৬০টা সমষ্টিৰ ভোটাৰৰ নাম কৰ্তন কৰিবলৈ দায়িত্ব দিয়া হৈছে যাতে বিজেপিয়ে জিকিব পাৰে। গতিকে অশোক সিংহলে ৬০ টা সমষ্টিৰ ভোটাৰ তালিকা নিজৰ মতে ঠিক কৰিব। নিজ কাণেৰে মই এই কথা শুনিছো। দিলীপ শইকীয়াই আৰু কৈছে যে যিবোৰ বুথত বিজেপিৰ অৱস্থা বেয়া, সেইবোৰৰো ভোটাৰৰ নাম কর্তন কৰিব লাগে।
অহা ১২ জানুৱাৰীৰ ভিতৰত বিধায়ক, জিলা সভাপতি আৰু মণ্ডল সভাপতিসক্লক নাম কর্তন কৰিবলগীয়া ভোটাৰৰ তালিকা জমা দিবলৈও দিলীপ শইকীয়াই সময় বান্ধি দিছে। তাৰ পাছত অশোক সিংহলে ভোটাৰ তালিকাবোৰ ঠিক কৰিব।’ কালি এই কথা নিজ কাণেৰে শুনি ৰাতি শুব পৰা নাই, চিন্তা কৰাৰ শক্তিও হেৰুৱাই পেলোৱা বুলি গগৈয়ে কয়। তেওঁ এই বুলিও উল্লেখ কৰে যে নিশা প্রায় আঠ-১০ বজামানৰ পৰা এই ভিডিঅ’ কনফাৰেন্সিং আৰম্ভ হৈছিল। আনহাতে, তেওঁৰ কথা মিছা নহয় বুলি মুখ্যমন্ত্রীক প্রত্যাহ্বান জনায় গগৈয়ে। তেওঁ মিছা কথা যে কোৱা নাই, তাৰ বাবে কালিৰ ভিডিঅ’ কনফাৰেন্সিঙৰ সভাখনৰ ৰেকর্ডিং মুখ্যমন্ত্ৰীক ৰাজহুৱা কৰিবলৈ গগৈয়ে প্রত্যাহ্বান জনায়।
ইয়াৰ লগতে মুখ্যমন্ত্রীক পুনৰ কয়, ‘আপুনি কৈছিল যে মোৰ পোনপটীয়া সম্প্ৰচাৰৰ ভিডিঅ’ শুনি আপুনি শান্তি পায়। টোপনি ভাল হোৱা বুলি কয়। মই নিজ কাণেৰে শুনা কথাবোৰ ৰাজহুৱা কৰাৰ পাছত আপুনি আজি কি কৰিব? ভিডিঅ’ কনফাৰেন্সিঙত মন্ত্রী যোগেন মহনক শইকীয়াই প্রশংসা কৰে। আনহাতে, কালি কোন কোন উপস্থিত নাছিল, সেইসকলৰ নাম লিখি দিবলৈও কাৰোবাক কৈছিল।’
Exit mobile version