Apcc Protest:দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মহানগৰ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

এছ আৰৰ জৰিয়তে ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতিৰ অভিযোগ

WhatsApp Image 2026 01 06 at 1.48.09 PM 1

Apcc Protest:

মহানগৰীৰ দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মহানগৰ জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ এছ আৰৰ যোগেদি ভোটাৰ তালিকা প্ৰস্তুতত ব্যাপক বিসংগতি তথা বিজেপিৰ ভোট চুৰ কৰাৰ অভিযোগ উত্থাপন কৰি মহানগৰ জিলা কমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য যে,নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছ। একোটা পৰিয়ালত অতিৰিক্তভাৱে অন্তৰ্ভুক্ত হৈছে অচিনাক্ত ভোটাৰ। ইয়াৰ যোগেদি বিজেপিয়ে ভোট চুৰিৰ চেষ্টা কৰাৰ সন্দেহ।

বিজেপিৰ সুবিধা অনুযায়ী নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ অভিযোগ উদ্থাপন কৰি কংগ্ৰেছৰ মহানগৰ জিলা কমিটিয়ে মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি তথা চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে কংগ্ৰেছ নেতা- কৰ্মী সকলে ৷ প্ৰতিবাদ কাৰ্যসূচীত অংশ লোৱা প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়,বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে’। এছআৰৰ জৰিয়তে ভুৱা ভোটাৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছে বিজেপিয়ে ৷ ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে ৰাইজক লগত লৈ মাৰবান্ধি থিয় দিব ৷

দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত মহানগৰ জিলা কমিটিয়ে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কাৰী সকলে হাতত প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে বেৰিকেডেৰে বাধাৰোপ কৰে ৷ ইয়াক লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হয়।

Exit mobile version