Donald Trump:পৰৰাষ্ট্ৰত প্ৰৱেশ কৰি ট্ৰাম্পৰ নজিৰবিহীন আচৰণত চৰ্চা এক বিপজ্জনক দৃষ্টান্ত আখ্যা ৰাষ্ট্ৰসংঘৰো

WhatsApp Image 2026 01 06 at 2.38.58 PM

Donald Trump:

সাম্প্ৰতিক সময়ত এক নজিৰবিহীন ঘটনাত ভেনিজুৱেলাত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰ’ক অপহৰণ কৰিছে আমেৰিকাই। বিশ্বৰ ইতিহাসত এনে ঘটনাৰ নজিৰবিহীন বিশেষ নাই বুলিব পাৰি যদিও মার্কিন যুক্তৰাষ্ট্ৰই পূর্বতেই পৰদেশত অনধিকাৰ প্ৰৱেশ বুলি চর্চিত হোৱা এনে বহু ঘটনা সংঘটিত কৰিছে। পুনৰবাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰাই ড’নাল্ড ট্রাম্প বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰাৰ সময়তে সাম্প্রতিক ভেনিজুৱেলাৰ ঘটনাত ট্রাম্প পুনৰবাৰে বিভিন্ন ৰাষ্ট্ৰৰ দ্বাৰা সমালোচিত হৈছে। ইৰাকৰ এসময়ৰ প্ৰৱল প্রতাপী বুলি পৰিচিত ছাদ্দাম হুছেইন আৰু পানামাৰ ৰাষ্ট্ৰপতি মেনুৱেল নিৰিয়েগাও স্বদেশত মার্কিন বাহিনীৰ দ্বাৰাই বন্দী হৈছে। একে পথৰে পথিক হ’ল মাদুৰ’ও। অৱশ্যে মাদুৰ’ৰ অপহৰণক নজিৰবিহীন বৃ আন্তর্জাতিক বিশ্লেষকে কয়। এই পৰিস্থিতিতে প্রশ্ন উঠিছে যে প্রকৃতার্থত ভেনিজুবেলাত প্রবেশ কৰি মাদুৰ’ব অধিকাৰ আছেনে ড’নাল্ড ট্রাম্প প্রশাসনৰ? এই ক্ষেত্ৰত আন্তর্জাতিক আইনে কি কয়?
বিশ্বজুৰি ভেনিজুৱেলাৰ ঘটনাক লৈ সমালোচনাৰ জোৱাৰ উঠিছে আৰু আমেৰিকাৰ কিছু বন্ধু বুলি ঘোষি ত ৰিপাব্লিকান দলৰ সদস্যসকলে ট্রাম্পল্ক প্রশংসাৰে উপচাই দিয়া দেখা গৈছে। অৱশ্যে অধিকাংশই এই ঘটনাৰ গৰিহণাও দিছে। এইসকলৰ মতে, মাদুৰ’ক বন্দী কৰা ঘটনা ভেনিজুৱেলাৰ আঞ্চলিক সার্বভৌমত্বক আঘাত হনাৰ বাবে আন একো নহয়। বিভিন্ন দেশে এই ক্ষেত্রত বাষ্ট্রসংঘই হস্তক্ষেপ দাবী কৰিছে। একে সময়তে ৰাষ্ট্ৰসংঘই প্রতিক্রিয়া প্রকাশ কৰি কয় যে আমেৰিকাৰ এই পদক্ষেপ বিশ্বৰ মঞ্চত অতি বিপজ্জনক উদাহৰণ।
১৯৪৫ত ৰাষ্ট্ৰসংঘত স্বাক্ষৰিত এক চনদৰ অনুচ্ছেদ ২/৪ অনুসৰি প্ৰতিখন দেশেই এখনে আনখনৰ বিৰুদ্ধে সামৰিক শক্তি ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য দেশৰ ক্ষেত্ৰতে এই নিয়ম প্রযোজ্য। ইয়াত কোৱা হৈছে যে সকলো সদস্য দেশেই তেওঁলোকৰ আন্তর্জাতিক সম্পৰ্কৰ ক্ষেত্ৰত আন দেশৰ ভৌগোলিক অখণ্ডতা বা ৰাজনৈতিক স্বাধীনতাৰ বিৰুদ্ধে বল প্রয়োগ কৰিব নোৱাৰিব। অর্থাৎ আমেৰিকাই সুস্পষ্টভাৱে ৰাষ্ট্ৰসংঘৰ এই চনদ উলংঘা কৰিলে। ছিয়েৰা লিয়’নত ৰাষ্ট্ৰসংঘৰ যুদ্ধ অপৰাধ আদালতৰ প্রাক্তন সদস্য জিঅ’ফ্রে ববার্টছনে কয় যে বাস্তৱতে আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নিয়ম উলংঘা কৰিছে। সেই সূত্রে আগ্রাসনৰ অপৰাধ কৰিছে আমেৰিকাই। তেওঁ কয়, ‘নুৰেমবার্গ আদালতে এনে ধৰণৰ ঘটনাক সর্বোচ্চ অপৰাধ হিচাপে বর্ণনা কৰে।’ আইন বিশেষজ্ঞ তথা নর্থইষ্টার্ণ বিশ্ববিদ্যালয়ৰ অধ্যাপক জেৰেমী প’লে এটা অন্তর্জাতিক সংবাদ সংস্থাক কয় যে আমেৰিকাৰ কাৰ্য কোনো আইন প্রয়োগকাৰী সংস্থাৰ অভিযান বুলি মুঠেই ক’ব নোৱাৰি। তেওঁৰ মতে এই অভিযান অর্থহীন। আন্তর্জাতিক আইন অনুসৰি আন কোনো দেশৰ ৰাষ্ট্ৰপ্ৰধানক বন্দী কৰাৰ কোনো ক্ষমতা আমেৰিকাৰ নাই।
অৱশ্যে মানুৰ’ক আটক কৰাৰ পক্ষত আমেৰিকাই কিছু নিজস্ব যুক্তিও প্ৰদৰ্শন কৰিছে। আমেৰিকাই বাৰে বাৰে দাবী কৰে যে নিৰ্বাচনত ষড়যন্ত্ৰ কৰি ক্ষমতা অধিকাৰ কৰে মাদুৰ’য়ে। ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ বৈধতাক লৈ প্রশ্ন কৰিছে মার্কিন প্রশাসনে। ইতিমধ্যে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু সন্ত্রাসবাদক উচটনি দিয়াৰ অভিযোগ আছে মাদুৰ’ৰ বিৰুদ্ধে। তেওঁক গ্ৰেপ্তাৰৰ বাবে বিভিন্ন বিচাৰ বিভাগৰ সহায় বিচৰা বুলিও মার্কিন প্রশাসনে দাবী কৰে। তেওঁলোকৰ মতে, মাদুৰ’ক বিচাৰ বিভাগৰ অনুৰোধ মর্মে এই অভিযান চলোৱা হৈছিল, ই কোনো সামৰিক অভিযান নহয়।
ইপিনে, মার্কিন প্রশাসনৰ যুক্তিৰ স’তে ট্রাম্পে সহমত পোষণ কৰা নাই। তেওঁ মাদুৰ’ৰ বিৰুদ্ধে পোনপটীয়াকৈ তেল চুৰিৰ অভিযোগ আনিছে। পৰহি দম্ভালিৰ সুৰত ট্রাম্পে কয়, ‘আমেৰিকাই যি অর্জন কৰিলে বিশ্বৰ কোনো দেশে কৰা নাই। কিছু সময়ৰ ভিতৰতে ভেনিজুৱেলাৰ সকলো ক্ষমতা শক্তিহীন হৈ পৰে।’ তেওঁ কয় যে ৰাষ্ট্ৰখনৰ তৈল ভাণ্ডাৰ দখলৰ বাবেই শীঘ্রেই মার্কিন তেল কোম্পানীক অনুমোদন দিয়াৰ তেওঁ পৰিকল্পনা কৰিছে। মার্কিন সংস্থাসমূহে এই প্রকল্পত কোটি কোটি টকা ব্যয় কৰিব বুলি টাম্পৰ বক্তব্যৰ পাছত বিভিন্নজনে কয় যে ভেনিজুৱেলাব তৈল ভাণ্ডাৰতে চকু টাম্পৰ। সেয়ে এই অভিযান।
Exit mobile version