Maharashtra:✒️ মাথোঁ ১৩০০ জনসংখ্যাৰ এখন গাঁৱত কিছু মাহৰ ভিতৰতে ২৭ হেজাৰৰ জন্ম-মৃত্যুৰ পঞ্জীয়ন হোৱাৰ এক অৱিশ্বাস্য ঘটনা শেহতীয়াভাবে সংঘটিত হৈছে মহাৰাষ্ট্ৰত।
য়াভটমল মহকুমাৰ শ্বেনদুৰছানি গাঁও পঞ্চায়তৰ এই গাঁৱৰ মুঠ জনসংখ্যা ১৩০০ যদিও গাঁওখনৰ পৰা ২৭ হেজাৰ লোকৰ জন্ম-মৃত্যুৰ পঞ্জীয়ন হৈছে চৰকাৰৰ ঘৰত। সহজে বুজা যায় যে জন্ম-মৃত্যুৰ পঞ্জীয়নৰ ক্ষেত্ৰত এক বৃহৎ অনিয়ম সংঘটিত হৈছে।
এই অনিয়ম অসামৰিক পঞ্জীয়ন ব্যৱস্থাৰ ছফ্টৱেৰৰ জৰিয়তে দুষ্ট চক্ৰই সংঘটিত কৰাৰ সন্দেহ কৰি ৰাজ্য চৰকাৰে তদন্তৰ বাবে এক বিশেষ অনুসন্ধানকাৰী গোট (এছআইটি) গঠন কৰিছে।
উল্লেখ্য যে বিগত মহাৰাষ্ট্ৰৰ বিধানসভা নির্বানত ব্যাপক হাৰত ভোট চুৰিৰ ঘটনা সংঘটিত হোৱা বুলি বিৰোধী কংগ্রেছে অভিযোগ উত্থাপন কৰি আহিছে।
বিৰোধী দলটোৰ এই অভিযোগক লৈ চৰ্চা চলি থকাৰ সময়তে শ্বেনদুৰছানি এই গাঁওখনৰ জন্ম-মৃত্যুৰ পঞ্জীয়নৰ সময়ত সংঘটিত এই বৃহৎ অনিয়ম পোহৰলৈ আহিছে।
এই সম্পর্কত এজন বিষয়াই সংবাদ মাধ্যমক জনায় যে গাঁওখনৰ জনসংখ্যাৰ স’তে জন্ম-মৃত্যুৰ পঞ্জীয়নৰ তথ্যৰ কোনোপধ্যে তাল-মিল নাই। গতিকে ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন বুলি বিষয়াজনে মন্তব্য কৰে।
চৰকাৰী বিষয়াই জনোৱা মতে, যোৱা ডিচেম্বৰলৈ তিনি মাহত উক্ত গাঁৱৰ পৰা ২৭,৩৯৮ জন্মৰ পঞ্জীয়ন হয়। জন্মৰ এই পঞ্জীয়ন পলমকৈ কৰাৰ তথ্যও পোহৰলৈ আহিছে। এই সম্পৰ্কত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আৰু তথ্য প্রযুক্তি আইনৰ ধাৰাত গোচৰ ৰুজু কৰে।
পৰৱৰ্তী সময়ত তদন্তৰ দায়িত্ব এছআইটিলৈ হস্তান্তৰ হয়। সেই সূত্রে সম্প্রতি য়াভটমলৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বৃহৎ অনিয়মটোৰ তদন্ত চলি আছে। সূত্রই জনোৱা মতে, এই অনিয়মৰ জটিলতা অনুধাৱন কৰি গৃহ বিভাগে তদন্ত এছআইটিৰ দ্বাৰা কৰোৱাৰ সিদ্ধান্ত লয়।
তদন্ত মহাৰাষ্ট্ৰ আৰক্ষীৰ চাইবাৰ অপৰাধ কোষৰ অতিৰিক্ত সঞ্চালক প্রধান, স্বাস্থসেৱাৰ উপ-সঞ্চালক আৰু জিলা স্বাস্থ্য বিষয়াৰ তদাৰকীত চলি আছে।
অৱশ্যে কেনেদৰে এখন কম জনসংখ্যাৰ গাঁৱৰ পৰা এই বৃহৎ সংখ্যক লোকৰ জন্ম-মৃত্যুৰ তথ্য পঞ্জীয়ন হ’ল। সেই তথ্য বর্তমানলৈ পোহৰলৈ অহা নাই।
এই তদন্তৰ সময়ত এছআইটিয়ে সংশ্লিষ্ট ইণ্টাৰনেট প্রট’কল (আইপি) সমূহৰ ব্যাপক ৰূপত বিশ্লেষণৰো লক্ষ্য লৈছে।
এনেদৰে জন্ম-মৃত্যুৰ পঞ্জীয়ন অনিয়মৰ মাজেৰে সম্পন্ন কৰি বহুতে ভুৱা প্রমাণপত্র সংগ্রহ কৰাটো নিশ্চিত হৈছে। এনে ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহৰ উদ্দেশ্য কি হ’ব পাৰে তাকো এছআইটি তদন্তৰ আওতালৈ অনা বুলি সূত্রই প্রকাশ কৰিছে। সূত্ৰই জনোৱা মতে, তদন্তৰ খাতিৰত এছআইটিৰ দল ঘটনাস্থলী অর্থাৎ উক্ত গাঁৱতো উপস্থিত হ’ব।






























