Japan:✒️এটা মাছৰ দাম কিমান হ’ব পাৰে? এটা সাধাৰণ মাছ ৩২ কোটি টকাত বিক্রী হ’ল বুলি ক’লে আপোনাৰ বিশ্বাস হ’বনে? আপুনি বিশ্বাস কৰক বা নকৰকে, এই কথা সম্পূর্ণৰূপে সত্য যে জাপানত অলপতে এটা মাছ এই বিপুল অংকৰ ধনৰ বিনিময়ত বিক্ৰী হ’ল।জাপানী ছুমো খেলুৱৈৰ দৰে এই মাছ দৈত্যকায়। এই মাছৰ প্ৰকৃত নাম হ’ল তোয়োছু। ৩২ কোটি টকাত বিক্রী হোৱা মাছটোৰ ওজন আছিল ২৪৩ কিলোগ্রাম।
নৱবৰ্ষৰ পহিলাতে দ্বীপ ৰাষ্ট্ৰখনৰ এখন বজাৰত এই দৈত্যকায় মাছ নিলাম হয়। বজাৰখনত প্ৰতি বছৰে মাছৰ নিলাম কৰা হয়।এইবাৰ এই দৈত্যকায় মাছে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে।
কাৰণ ইয়াৰ পূৰ্বে কেতিয়াও এই বজাৰত এনে অকল্পনীয় মূল্যত মাছ নিলাম হোৱা নাছিল। মাছটো ক্রয় কৰে কিয়োমূৰা নিগমে। এই নিগমে পৰিচালনা কৰে জাপানৰ বিখ্যাত ৰেস্তোৰাঁ শৃংখল সুশিজানমাই।
অৱশ্যে মাছটোৰ মূল্য ৪০ কোটি টকা পর্যন্ত হ’ব বুলি আশা কৰিছিল কিয়োমূৰা নিগমে। কাৰণ এই নিগমে ২০১৯৩ ৩৩ কোটি ৪৪ লাখ য়েনত এটা নীলা টুনা মাছ ক্রয় কৰিছিল।
এইবাৰ এই বিপুল অংকৰ ধনৰ বিনিময়ত দৈত্যকায় মাছটো ক্ৰয় কৰি গ্ৰাহকক পৰিবেশন কৰে ৰেস্তোৰাঁ শৃংখলে। বহুতে এই মাছক তিমি মাছৰ স’তে তুলনা কৰে।






























