Mariani:
মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ থাৰ বাহন দুর্ঘটনাগ্রস্ত ৷ যোৰহাট – মৰিয়ণি পথৰ পুখুৰীয়াত নিশা দুৰ্ঘটনাত পতিত হয় বিধায়ক গৰাকীৰ বাহনখন। ঘৰচীয়া ম’হৰ জাকক খুন্দা মাৰি বিস্তৰ ক্ষতিসাধন হয় বাহন খন ৷ অৱশ্যে কথমপি ৰক্ষা পৰে ৰূপজ্যোতি কুৰ্মী সহ তেওঁৰ দেহৰক্ষী কেইজন ৷
