Nagaon:
অপৰাধ ৰোধ কৰাৰ লক্ষ্যৰে চলোৱা এক বিশেষ অভিযানত নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । নগাঁও–নলতলী ৰাজ্যিক ঘাইপথৰ ঔঅনা অঞ্চলত কালি নিশা চলোৱা এই অভিযানত আৰক্ষীয়ে পিষ্টলসহ দুজন দুধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰুজ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত ঔঅনাৰ নায়াৰা পেট্ৰল পাম্পৰ সমীপত নাকা চেকিং চলোৱাৰ সময়তে AS12AH1637 নম্বৰৰ এখন মটৰ চাইকেলত অহা দুজন সন্দেহজনক লোকক ৰ’বলৈ সংকেত দিয়ে আৰক্ষীয়ে। আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰোঁতেই দুয়োকে কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে।আৰক্ষীয়ে ধৃত দুয়োজনৰ পৰা তালাচী চলাই চীনত নিৰ্মিত 0.32 (পইণ্ট থ্ৰী টু) এমএম এটা পিষ্টল, এটা মেগজিন, সক্ৰিয় গুলী, লগতে খুকুৰীসহ কেইবাটাও চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এই অস্ত্ৰসমূহেৰে অঞ্চলটোত এক বৃহৎ অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।আটকাধীন ডকাইত দুজন কালিয়াডিঙা অঞ্চলৰ বাসিন্দা মোছাব্বিৰ আলী আৰু আব্দুল হাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি, নিশা কোনো ঠাইত ডকাইতি কৰাৰ উদ্দেশ্যৰে অস্ত্ৰসহ অঞ্চলটোত ঘূৰি আছিল দুধৰ্ষ ডকাইত দুটা। বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে ধৃত ডকাইত দুজনক অধিক তথ্য উদ্ধাৰৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে। লগতে এই ডকাইত দুজনৰ সৈতে আন কোনো সংগঠিত ডকাইতি চক্ৰ জড়িত আছে নেকি সেয়া জানিবলৈ তদন্ত অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।




































