Pressmeet: জুবিন গাৰ্গৰ মৃত্যুৰ আইনী যুঁজ সন্দৰ্ভত সংবাদমেল

চলচ্চিত্ৰ সমাজ অসম, জুবিন ফেন ক্লাব আৰু গুৱাহাটী মিউজিচিয়ানছ এছ’চিয়েচনৰ জ্যোতি চিত্ৰবনত সংবাদমেল

WhatsApp Image 2026 01 07 at 5.34.05 PM

Pressmeet:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হত্যা গোচৰৰ আইনী যুঁজ সন্দৰ্ভত বুধবাৰে এক সংবাদমেল অনুষ্ঠিত হয় মহানগৰীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত। চলচ্চিত্ৰ সমাজ অসম, জুবিন ফেন ক্লাব আৰু গুৱাহাটী মিউজিচিয়ানছ এছ’চিয়েচনৰ আহ্বানত অনুষ্ঠিত সংবাদমেলত ৰৈ ৰৈ বিনালেৰ পৰিচালক তথা জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ ৰাজেশ ভূঞাই ন্যায়ৰ প্রক্রিয়াক লৈ চিন্তিত হোৱা বুলি উল্লেখ কৰি কয়,ভাল অধিবক্তাৰ টীম লাগে আমাৰ , নহলে জুবিন ন্যায় নাপাব ৷ বিশেষ দ্ৰত আদালতত গোচৰ প্ৰক্ৰিয়া চলিব লাগে ৷প্রতিদিনে হ’ব লাগে শুনানি, সপ্তাহৰ ৫ দিনলৈ হ’লে কম সময়ত জুবিন গাৰ্গে ন্যায় পাব ৷ অভিযুক্ত কেইটাই উচ্চ ন্যায়ালয়ৰ অধিবক্তা আনি সাজু হৈ আছে৷আমি বিগত ১১১ দিনে কি কৰিলোঁ ?৷ বাহিৰৰ অধিবক্তা আহি জুবিন হত্যাৰ গোচৰত অভিযুক্ত কেইটাক উলিয়াই নিব আৰু আমাৰ ৰাইজ মনে মনে বহি আছে ৷ভাল অধিবক্তাৰ দল নহলে জুবিন হাৰিব ৷ লাজৰ কথা যে আমি এতিয়াও গম নাপাওঁ যে আমাৰ প্ৰাণৰ জুবিনৰ মৃত্যুৰ সময় সঠিক কিমান ? অমৃত প্ৰভা মহন্তই ইতিমধ্যেই জামিন আবেদন কৰিছে ৷ আমি ৰং চাই থাকিলে নহব ৷ অৱশ্যে চৰকাৰে শেহতীয়াকৈ দ্ৰত আদালত গঠন আৰু অভিজ্ঞ লোক অধিবক্তা নিয়োগৰ তৎপৰতা লোৱাটো আদৰণীয় ৷ সংবাদমেলত বিশিষ্ট চিকিৎসক ডা:হিতেশ বৰুৱা ,বাদ্যযন্ত্ৰী পাৰ্থ প্ৰতিম গোস্বামী,ৰমেন চৌধুৰী,চলচ্চিত্ৰ পৰিচালক জয়ন্ত কাকতী সহ কে’বাজনো বিশিষ্ট ব্যক্তি ৷

Exit mobile version