SIR প্ৰক্ৰিয়াক লৈ আতংকিত মতুৱা সম্প্ৰদায়, বিষয়টোক লৈ ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ

IMG 20260107 145143

Matua:✒️পশ্চিমবংগত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (এছআইআৰ)ক লৈ আতংকত থকা মতুৱা সমাজৰ একাংশই বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ স’তে তেওঁলোকে ৰাষ্ট্ৰপতিৰ হাতত এখন অভিযোগ-পত্ৰ দাখিল কৰে।

অভিযোগ-পত্ৰত কোৱা হৈছে যে বাছি বাছি এছআইআৰ প্ৰক্ৰিয়াত মতুৱাসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। পত্ৰখনত মতুৱা সমাজৰ ভৱিষ্যৎ, লগতে তেওঁলোকৰ আৰ্থিক আৰু সামাজিক উন্নয়ন বিষয়েও উল্লেখ কৰা হৈছে।

উল্লেখযোগ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগতেই পশ্চিমবংগত আৰম্ভ হোৱা এছআইআৰ প্ৰক্ৰিয়াক শাসক দল তৃণমূল কংগ্ৰেছে ৰাজনৈতিক ষড়যন্ত্ৰ বুলি দাবী কৰি আহিছে।

এই বিষয়ক লৈ ৰাজ্যৰ ৰাজনীতিত তীব্ৰ তর্ক-বিতৰ্ক চলিছে। ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ মতুৱা সমাজৰ মাজতো গভীৰ আতংক দেখা গৈছিল।যদিও বিজেপিয়ে তেওঁলোকক বাৰে বাৰে আশ্বাস দি আহিছিল যে চিন্তাৰ কোনো কাৰণ নাই।

এই সময়ছোৱাত মতুৱা মহাসংঘৰ সংঘাধিপতি তথা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ নেতৃত্বত মতুৱা কাৰ্ডো বিতৰণ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছত দেখা যায় যে বহু মতুৱাৰ নাম তালিকাত নাই।

ইয়াৰ পাছতেই সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে কয় যে, “ভোটাৰ তালিকাৰ পৰা যদি ৫০ লাখ ৰোহিঙ্গা মুছলমানৰ নাম বাদ পৰে আৰু তাত আমাৰ এক লাখ মতুৱাৰ নাম বাদ পৰে, তেন্তে সেয়া সহ্য কৰিব লাগিব।” এই মন্তব্যই মতুৱা সমাজৰ মাজত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰে।

ইয়াৰ প্ৰতিবাদত অল ইণ্ডিয়া মতুৱা মহাসংঘৰ আন এজন সংঘাধিপতি তথা তৃণমূল সাংসদ মমতাবালা ঠাকুৰে গাইঘাটাৰ ঠাকুৰবাড়ীত প্ৰতিবাদ সভাৰ আহ্বান জনায়। ইয়াক লৈ অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।

এই সকলো ঘটনাৰ মাজতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কলকাতা ভ্ৰমণ কৰি মতুৱা সমাজৰ ভয় দূৰ কৰাৰ চেষ্টা কৰে। তথাপিও মতুৱা সমাজ সম্পূৰ্ণভাৱে নিশ্চিত নহোৱাৰ বাবেই বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰক লগত লৈ তেওঁলোকে ৰাষ্ট্ৰপতিৰ দ্বাৰস্থ হয়।

Exit mobile version