Zubeen Garg Murder Case:
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব জ্যেষ্ঠ ক্রিমিনেল অধিবক্তা । অতিৰিক্তভাৱে ৫ অভিজ্ঞ লোক অধিবক্তা নিয়োগৰ বাবে ইতিমধ্যে তালিকাভুক্ত কৰিছে নজন জ্যেষ্ঠ অধিবক্তাক ৷ ৯ জানুৱাৰীত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা লগা ৰাজ্যিক কেবিনেটত নজনীয়া তালিকাখনৰ পৰা নিৰ্বাচন হ’ব ৫ গৰাকী অধিবক্তাক। অৱশ্যে নজনীয়া তালিকাত অন্তভূক্ত হৈছে জ্যেষ্ঠ ক্ৰিমিনেল ল’য়াৰ জিয়াউল কামাৰ, পল্লৱ কটকীৰ নাম ৷
উল্লেখ্য যে মঙলবাৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰীক অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে জনাইছিল অনুৰোধ ৷ অৱশেষত মুখ্যমন্ত্ৰী গৰিমা গাৰ্গৰ পত্ৰৰ প্ৰতি সহাৰী জনাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে ৷




































