Zubeen Garg Murder Case:জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব লোক অধিবক্তা

৯ জানুৱাৰীত কেবিনেটত তালিকাখনৰ পৰা নিৰ্বাচন হ'ব ৫ গৰাকী অধিবক্তা, তালিকাত অন্তর্ভুক্ত হৈছে অধিবক্তা জিয়াউল কামাৰ, পল্লৱ কটকীৰ নাম, গৰিমা গাৰ্গে মুখ্যমন্ত্ৰীক অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে জনাইছিল অনুৰোধ

WhatsApp Image 2026 01 07 at 4.47.14 PM

Zubeen Garg Murder Case:

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব জ্যেষ্ঠ ক্রিমিনেল অধিবক্তা । অতিৰিক্তভাৱে ৫ অভিজ্ঞ লোক অধিবক্তা নিয়োগৰ বাবে ইতিমধ্যে তালিকাভুক্ত কৰিছে নজন জ্যেষ্ঠ অধিবক্তাক ৷ ৯ জানুৱাৰীত  মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হ’ব লগা লগা ৰাজ্যিক কেবিনেটত নজনীয়া তালিকাখনৰ পৰা নিৰ্বাচন হ’ব ৫ গৰাকী অধিবক্তাক। অৱশ্যে নজনীয়া তালিকাত অন্তভূক্ত হৈছে জ্যেষ্ঠ ক্ৰিমিনেল ল’য়াৰ জিয়াউল কামাৰ, পল্লৱ কটকীৰ নাম ৷

উল্লেখ্য যে মঙলবাৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰীক অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে জনাইছিল অনুৰোধ ৷ অৱশেষত মুখ্যমন্ত্ৰী গৰিমা গাৰ্গৰ পত্ৰৰ প্ৰতি সহাৰী জনাই তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰে ৷

Exit mobile version