‘ছিবালজী, পুৱা কোনটো কুকুৰৰ মন কেনে আছে, সেয়া আপুনি কেনেকৈ জানে?’
আজি গৰাকীবিহীন পথ কুকুৰৰ সমস্যাৰ সন্দৰ্ভত উত্থাপন হোৱা অভিযোগৰ শুনানি গ্রহণ কৰিলে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বিক্ৰম নাথৰ নেতৃত্বাধীন বিচাৰপীঠে শুনানি আৰম্ভ কৰি কয় যে আজি আদালতে কেৱল পথ কুকুৰৰ সমৰ্থক আৰু বিৰোধীৰ মতামত শুনিব।
শুনানিৰ সময়ত সর্বোচ্চ ন্যায়ালয়ে কয় যে কিছুদিন পূর্বে ৰাজস্থানত পথ কুকুৰৰ কাৰণত দুজন ন্যায়াধীশ গুৰুতৰ পথ দুর্ঘটনাৰ সন্মুখীন হৈছিল।
এই দুর্ঘটনাত এজন ন্যায়াধীশৰ মেৰুদণ্ডৰ গুৰুতৰ আঘাত পোৱাত সম্প্রতি তেওঁ চিকিৎসাধীন হৈ আছে। পশুপ্রেমীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা প্রবীণ অধিবক্তা কপিল ছিবালক আদালতে এইদৰে প্ৰশ্ন কৰিলে, ‘আপুনি কুকুৰৰ কথা কৈছে, কিন্তু কুকুৰা আৰু ছাগলীৰ কি হ’ব?’
ইয়াৰ উত্তৰত ছিবালে ক’লে, ‘এই কাৰণত মই কুকুৰা খাবলৈ বাদ দিলো। মোক আজিলৈকে কোনো কুকুৰে কামোৰা নাই।’ তেতিয়া আদালতে ক’লে যে বিষয়টো কেৱল কুকুৰে কামোৰাৰ নহয়, কুকুৰে দুচকীয়া বাহন আৰু চাইকেলৰ পিছতো দৌৰে আৰু ইয়াৰ ফলত দুর্ঘটনা হৈ আহিছে।
এই বিষয়ত অধিবক্তা ছিবালে আদালতত ক’লে, ‘হয়, কিছুমান অঞ্চলত এনেকুৱা হয়, কিন্তু সকলো কুকুৰ একে ধৰণৰ নহয়।’ তেতিয়া সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে সুধিলে ‘কুকুৰে কেতিয়া কামুৰিব, সেয়া পূর্বে অনুমান কৰা অসম্ভৱ। ছিবালজী, পুৱা কোনটো কুকুৰৰ মন কেনে আছে, সেয়া আপুনি কেনেকৈ জানে?’ আজি কুকুৰপ্ৰেমী আৰু পথ কুকুৰ বিৰোধীৰ মাজত আদালতত এইদৰে হাস্য আৰু যুক্তি প্ৰদৰ্শনৰে শুনানি আৰম্ভ হ’ল।






























