Manas Rabin Latter:জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আৰু ১০৮ ৰ কৰ্মচাৰী সকলৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ চিঠি মানস ৰবীনৰ

অসমৰ নামজ্বলা অধিবক্তাক লৈ এখন শক্তিশালী বেঞ্চ গঠন কৰক:মানস ৰবীন

WhatsApp Image 2026 01 08 at 11.56.00 AM

Manas Rabin Latter:

জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আৰু ১০৮ ৰ কৰ্মচাৰী সকলৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মালৈ চিঠি সংগীত পৰিচালক তথা কন্ঠশিল্পী মানস ৰবীনৰ ৷

চিঠি খনত কন্ঠশিল্পী গৰাকীয়ে উল্লেখ কৰে যে আপুনি অসমৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্রী আৰু জুবিন গাৰ্গ অসমীয়াৰ প্ৰাণ। ইতিমধ্যে অভিযুক্ত পক্ষই উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ অধুবক্তাৰ বেঞ্চক তেওঁলোকৰ হৈ নিয়োগ কৰিছে বুলি আপুনি নিশ্চয় অৱগত।

এতিয়া আমি বিচাৰিছোঁ চৰকাৰৰ ফালৰ পৰা অসমৰ নাম জ্বলা অধিবক্তাসকলক লৈ এখন শক্তিশালী বেঞ্চ জুবিন গাৰ্গৰ হৈ ন্যায়ালয়ত যুঁজিবলৈ ঠিক কৰি দিয়ক।

দ্বিতীয়তে, সমগ্র অসমবাসী জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত ৰৈ আছে গতিকে, ন্যায় প্রক্রিয়াক খৰতকীয়া কৰি তুলিবলৈ প্রতিদিনেই শুনানী হোৱাকৈ এখন বিশেষ আদালত গঠন কৰি দিয়ক। আমি আশা কৰিছোঁ, অসমীয়াৰ প্ৰাণৰ শিল্পীজনৰ বাবে আপুনি এই কাম দুটা অতি সোনকালে কৰি দিব।

১০৮ ৰ আমাৰ থলুৱা কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবী লৈ দীর্ঘদিন ধৰি আন্দোলন চলাই আহিছে। আপুনি স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ দিনতেই এই ল’ৰাবোৰে বৰ বিশ্বাসেৰে ১০৮ ৰ লগত সংযুক্ত হৈছিল। আৰম্ভণিতে বহুত ডাঙৰ সপোন দেখুওৱা গল তেওঁলোকক। আজি ১৭ টা বছৰৰ পাছত সেই সপোনবোৰে বিন্ধিছে ইহঁতক। আপুনি অলপ সদয় হওঁক ইহঁতৰ প্ৰতি। ল’ৰাবোৰৰ লগত মই কথা পাতিছিলো। নুন্যতম সৰু সুৰা কেইটামান দাবী মানি ল’লেই তেওঁলোকে আন্দোলনখন স্থগিত ৰাখিবলৈও সাজু। অনুগ্রহ কৰি আপুনি ল’ৰাখিনিৰ প্ৰতি অলপ সহৃদয়তা দেখুৱাওক।

Exit mobile version