Wild Elephant Attack:
খাদ্যৰ সন্ধানত জংঘলৰ পৰা ওলাই অহা বন্যহস্তীয়ে জনঅৰণ্যত দিনক দিনে বৃদ্ধি কৰিছে উপদ্ৰৱ। যাৰবাবে এই শীততো উজাগৰে থাকিবলগীয়া হৈছে গঞা ৷ জামুগুৰিহাটৰ উত্তৰ-দক্ষিণ অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ সন্ত্রাস। কালি নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে দীপাটোলাৰ ৰতন ভূজেলৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। বন্যহস্তীৰ আক্ৰমনত কথমপি প্ৰাণ ৰক্ষা পৰিয়ালটিৰ।
উল্লেখ্য যে বিগত ভালেকেইদিন ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই কৃষক ৰাইজৰ খেতি-পথাৰ অনিষ্ট কৰাত উপায়ন্তৰ হৈ পৰিছে কৃষক সকল ৷ বন্যহস্তীৰ জাকক খেদি পঠিওৱা ক্ষেত্ৰত বন বিভাগৰ তৎপৰতা শূন্য। বন বিভাগৰ অকমন্যতাক লৈ ক্ষোভিত হৈ পৰিছে জামুগুৰিহাটৰ উত্তৰ-দক্ষিণ অঞ্চল। এই ক্ষেত্ৰত বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কৃষক সকলে I




































