Horoscope:✒️মেষ: নানা ধৰণৰ চিন্তা থাকিব। অৱশ্যে পূৰ্বতে দিয়া কথাৰ প্ৰতি বেছি সক্রিয় হোৱাৰ দৰকাৰ। আপোনাৰ শুভ বর্ণ বগা। বগা ৰং ব্যৱহাৰ কৰিব। যাত্রা শুভ।
বৃষ: আৱেগ প্ৰৱণতা। কৰ্মত বিপদৰ শংকা নাথাকিব। ব্যস্ত হৈ পৰাৰ কাৰক। আজি আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে।
মিথুন: কর্তৃত্বহীন লোকৰ পৰাই কোনো অভিযোগ পোৱাৰ সম্ভাৱনা। খৰচ পাতি বাঢ়িব যদিও অর্থনৈতিক সমস্যা নিয়ন্ত্ৰণৰ মাজত থাকিব। শুভ বর্ণ হালধীয়া। আবেলি চাৰি বজাৰ পাছত যাত্রা নকৰিব।
কর্কট: কর্মক্ষেত্রত লোকৰ মধ্যম আহুকাল। শৰীৰ আদিৰ বাবে দুশ্চিন্তা কম। অনুকূল ফল আশা কৰিব পাৰে। শুভ বৰ্ণ ৰঙা। ৰঙা বস্ত্ৰ পৰিধান কৰি পুৱা সূৰ্য প্ৰমাণ কৰিব।
সিংহ: কর্মব্যস্ত ভবিষ্যৎ অনুকূল দেখা যায়, কিন্তু মনোমত সংযোগ প্রাপ্তিত বাধা পাব। আজি পৰাপক্ষত যাত্রা নকৰিব। যাত্ৰা কৰিলেও পুৱা ভাগতহে কৰিব। ক্ৰীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব।
কন্যা: অবাঞ্ছিত লোকৰ পৰা সতৰ্ক থাকক। কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব। শুভ বর্ণ কলা। কলা ৰঙৰ পোছাক পিন্ধিব। যাত্রা কৰিব পাৰে।
তুলা: আর্থিক লাভৰ বিশেষ যোগ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব। ধৰুৱাত পূৰ্বৰ তুলনাত উন্নত। শুভ বর্ণ মেৰুণ। আজি যাত্ৰা কৰোতে মেৰুণ ৰঙৰ কাপোৰ পিন্ধিব।
বৃশ্চিক: সাধাৰণ উন্নত। কিন্তু কিবা সম্ভাব্য পৰিবেশ বা কামৰ বাবে উদ্বেগ থাকিব। যোগাযোগ কৰি উৎসাহ পাব। আজি আপুনি পাতল গুলপীয়া ৰং ব্যৱহাৰ কৰিব।
ধনু: ফুৰা চকাত গা বচাই চলক। অন্যমনস্কতাৰে একোকে নকৰিব। পুৱা ভাগত শিৱৰ যন্ত্র জপ কৰক। হাতত এখন বগা ৰুমাল ৰাখক। জ্ঞাতি-কুটুম্ব, বাহিৰত থকা কোনোলৈ কিছু চিন্তা।
মকৰ নিৰাশাবাদ। মতান্তৰৰ সম্ভাৱক। কিন্তু পুৰণি প্রিয় বন্ধু লাভৰ যোগ। যাত্রাদি স্থগিত ৰাখক। শুভ বর্ণ পাতল হালধীয়া বা ক্রীম ৰং। এই ৰং ব্যৱহাৰ কৰিব।
কুম্ভ: কোনো দুৰস্থৰ আশান্বিত উন্নতি বা সংস্থাপন। পিতৃ-মাতৃলৈ অৱশ্যে চিন্তা থাকিব। আজি আপোনাৰ শুভ বর্ণ পাতল নীলা। যাত্রা বা শুভকৰ্ম কৰাৰ সময়ত পাতল নীলা ৰঙৰ কাপোৰ পিন্ধিব।
মীন: কর্মস্থানত কিবা খেলিমেলি বা ভুল যাতে নহয় লক্ষ্য ৰাখক। বিদ্যার্থীসকলৰ খুব বেয়া দেখা নাযায়। আপোনাৰ শুভ বর্ণ বেঙুনীয়া। যাত্রা আছে।




































