Beggar cash recovery:✒️কেৰালাৰ অলাপ্পুজাত এক পথ দুর্ঘটনাত এজন ভিক্ষাৰীৰ মৃত্যু হ’ল। এই ঘটনাৰ পাছত আৰক্ষীয়ে ভিক্ষাৰীজনৰ সা-সামগ্ৰী পৰীক্ষা কৰি বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰিলে।
ভিক্ষাৰীয়ে এটা কণ্টেনাৰ আছিল আৰু উক্ত কপ্টেনাৰ খোলাৰ পাছত আৰক্ষী আৰু স্থানীয় লোকৰ চকু কপালত উঠিছিল। দৰাচলতে অনিল কিশোৰ নামৰ উক্ত ভিক্ষাৰীৰ কণ্টেনাৰত আছিল বৃহৎ পৰিমাণৰ নগদ ধন।
মঙলবাৰে পুৱা এখন দোকানৰ বাহিৰত অনিলৰ মৃতদেহ স্থানীয় লোকে প্রত্যক্ষ কৰিছিল। ইয়াৰ পাছত স্থানীয় পঞ্চায়ত সদস্য ফিলিপ উম্মানৰ উপস্থিতিত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল।
তাৰ পাছত অনিলৰ সা-সামগ্ৰী পৰীক্ষা কৰি কপ্টেনাৰত ৪৫ লাখ টকাৰো অধিক নগদ ধন উদ্ধাৰ কবে স্থানীয় ৰাইজে। উক্ত ধনৰ মাজত প্রচলন নিষিদ্ধ দুহেজাৰ টকীয়া নোটৰ লগতে বিদেশী মুদ্রাও আছিল।
আৰক্ষীয়ে জনোৱা অনুসৰি, এই ধনবাশি আদালতত জমা দিয়া হ’ব। অনিলে বহু বছৰ ধৰি অলাপ্পুজাৰ চাৰুম্মুট আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত ভিক্ষা মাগি জীবন নির্বাহ কৰিছিল।






























