ভাৰতত মহিলাৰ নিৰাপত্তাৰ দিশৰ পৰা বাংগালুৰু আৰু চেন্নাই সবাতোকৈ উপযুক্ত চহৰ হিচাপে স্বীকৃত হ’ল। কর্মক্ষেত্ৰৰ পৰিবেশ বিষয়ক পৰামৰ্শদাতা সংস্থা অবটাৰ গ্ৰুপৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিলে।
সংস্থাটোৱে অলপতে প্রকাশ কৰা টপ চিটিজ ফ’ৰ অ’মেন ইন ইণ্ডিয়া (টিচিডব্লিউৱাই)ৰ তালিকাত মহিলাৰ বাবে দেশত সুৰক্ষিত ১২৫ খন চহৰক অন্তভুক্ত কৰা হৈছে।
এই তালিকাত বাংগালুৰুৱে ৫৩.২৯ স্ক’ৰৰ জৰিয়তে প্রথম স্থান লাভ কৰিলে। টিচিডব্লিউআইৰ তালিকাত মহিলাৰ বাবে সুৰক্ষিত দ্বিতীয়খন চহৰ হৈছে চেন্নাই।
ইয়াৰ পাছতে ভাৰতত মহিলাৰ বাবে সুৰক্ষিত চহৰ হিচাপে সংস্থাটোৱে চিনাক্ত কৰিলে পুনে, হায়দৰাবাদ, মুম্বাই, গুৰগ্রাম, কলকাতা, আহমেদাবাদ, ত্রিবান্দ্ৰ’ম আৰু কয়ম্বটুৰ চহৰে স্থান লাভ কৰিলে।






























