মানুহৰ ব্লাড বেগত পশুৰ ৰক্ত!

হায়দৰাবাদত চাঞ্চল্যকৰ ঘটনা

IMG 20260109 161151

Hyderabad:✒️মানুহৰ বাবে ব্যৱহাৰযোগ্য ব্লাড বেগত পশু তেজ সংৰক্ষণ ! চাঞ্চল্যকৰ এই ঘটনাক কেন্দ্ৰ কৰি তেলেঙ্গানাৰ হায়দৰাবাদত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। কাচিগুডা অঞ্চলৰ এটা এক্সপোৰ্ট-ইমপোৰ্ট ফাৰ্মত চলোৱা তল্লাশি অভিযানত এই ভয়ংকৰ তথ্য পোহৰলৈ আহে। ঘটনাক লৈ ইতিমধ্যে প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।

সংবাদমাধ্যমৰ তথ্য অনুসৰি, গোপন সূত্ৰৰ আধাৰত কেন্দ্ৰীয় ড্ৰাগ কণ্ট্ৰোল বিভাগৰ বিষয়াসকলে হায়দৰাবাদ আৰক্ষী আৰু ৰাজ্যিক ড্ৰাগ কণ্ট্ৰোল বিভাগৰ সহযোগত উক্ত ফাৰ্মটোত অভিযান চলায়।

তল্লাশিৰ সময়ত দেখা যায়, মানুহৰ চিকিৎসাৰ বাবে নিৰ্মিত ব্লাড বেগবোৰ পশুৰ ৰক্তে ভৰি আছে। অভিযানত প্ৰায় ১০০০ লিটাৰ পশুৰ ৰক্ত উদ্ধাৰ কৰা হয়। লগতে ৰক্ত পেকেজিং কৰাৰ বাবে ব্যৱহৃত উন্নতমানৰ যন্ত্ৰপাতিও জব্দ কৰা হৈছে।

তদন্তকাৰীসকলে ফাৰ্মটোৰ পৰা এটা অট’ক্লেভ মেচিন, লেমিনাৰ এয়াৰ ফ্ল’ ইউনিট, ১১০টা ভৰ্তি ব্লাড বেগ আৰু প্ৰায় ৬০টা খালী ব্লাড বেগ উদ্ধাৰ কৰে। প্ৰাথমিক অনুসন্ধানত সন্দেহ কৰা হৈছে যে এইবোৰ অবৈধ ক্লিনিকেল ট্ৰায়েল, পৰীক্ষা-নিৰীক্ষা অথবা লেব’ৰেটৰী পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

তথ্য অনুসৰি,ঘটনাৰ পাছতেই সংশ্লিষ্ট ফাৰ্মটোৰ মালিক বৰ্তমান পলাতক । তেওঁৰ সন্ধানত তল্লাশি চলি আছে। ইয়াৰ উপৰিও এই ৰক্ত দেশৰ আন কোনো স্থানলৈ প্ৰেৰণ কৰা হৈছিল নে নাই, সেই দিশতো তদন্তকাৰীসকলে অনুসন্ধান চলাই আছে।

প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে যে, এই ভয়ংকৰ চক্ৰৰ স’তে জড়িত সকলো লোকক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে, জটিল অস্ত্ৰোপচাৰ, দুৰ্ঘটনাত আহত ৰোগী আৰু থেলাছেমিয়া ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্লাড বেগ অতি গুৰুত্বপূৰ্ণ।

তেনে অৱস্থাত মনুষ্য ৰক্তৰ সলনি পশুৰ ৰক্ত ব্যৱহাৰ হ’লে ৰোগীৰ প্ৰাণনাশ বা গুৰুতৰ জটিলতাৰ আশংকা থাকিব পাৰে। এই ভয়াবহ জালিয়াতি পোহৰলৈ অহাৰ পাছতেই প্ৰশাসন সম্পূৰ্ণৰূপে সজাগ হৈ পৰিছে।

Exit mobile version