AJP Joining Meeting:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ চাৰিটা মাহ থকা অৱস্থাত শক্তি বৃদ্ধি হ’ল লুৰীণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদ। নিৰ্বাচনৰ পূৰ্বে বিলুপ্ত হ’ল অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল ৷ অসম জাতীয় পৰিষদৰে চামিল হ’ল ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা নেতৃত্বাধীন জাতীয় দল অসম ।
আজি মহানগৰীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগৰ কনভেনশ্যন চেন্টাৰত আয়োজিত অসম জাতীয় পৰিষদৰ মহামিলন কাৰ্য্যসূচীৰ আনুষ্ঠানিক সভাত আনুষ্ঠানিকভাৱে এজেপিত চামিল হ’ল অজিত কুমাৰ ভূঞাৰ স্বল্পখ্যাত দলটো ।
অসম জাতীয় পৰিষদৰ তিনি শীৰ্ষ নেতা লুৰীণজ্যোতি গগৈ,ৰাজেন গোঁহাই আৰু জগদীশ ভূঞাৰ উপস্থিতিত অনুষ্ঠিত চামিলকৰণ সভাখনত নিজৰ ভাষণত সাংসদ ভূঞাই কয়,বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আঞ্চলিক দল সমূহ একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তা বোধ কৰি এই সিদ্ধান্ত লোৱা হয়। দেশৰ যি ঠাইত আঞ্চলিক দল শক্তিশালী ভাবে আছে তাত বিজেপি দল কিন্তু সৰ্ব শক্তি প্ৰয়োগ কৰিও জয়ী হ’ব পৰা নাই ৷ বিজেপি দল খিলঞ্জীয়াৰ সৈতে কেতিয়াও নাছিল, আৰু ভৱিষ্যতেও নাথাকে ৷ ৰাইজে আঁচনিৰ ৰাজনীতি বুজি পোৱা হৈছে ৷ ৰাজ্যৰ ৰাজনৈতিক পৰিবেশ সলনি কৰিবলৈ এইবাৰ আমি বিৰোধী শক্তিশালী হৈ যুঁজ দিবলৈ সাজু হৈছো ৷ অজাপক যোগ দি মই অধিক শক্তি সঞ্চয় কৰিলো ৷ অনাগত দিনত অজাপৰ মঞ্চৰ পৰা সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়াৰ অংগীকাৰ কৰিলো ৷




































