Fir Filed :
ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ পুনৰীক্ষণ ব্যাপক খেলিমেলিৰ অভিযোগ বিভিন্ন মহলত উদ্থাপিত হৈ থকাৰ মাজতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দলীয় ভিডিঅ কনফাৰেন্সত দলীয় নেতাক ভোটাৰৰ নাম কৰ্তনৰ নিৰ্দেশৰ অভিযোগ তুলি শুকুৰবাৰে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে কংগ্ৰেছ সহ বিৰোধী বিৰোধী ঐক্যৰ নেতৃবৰ্গই । এজাহাৰ দাখিলৰ সময়ত থানাত উপস্থিত থাকে ৰকিবুল হুছেইন,ৰিপুণ বৰা,লুৰিনজ্যোতি গগৈ,মীৰা বৰঠাকুৰ সহ বিৰোধী ঐক্যৰ কেবাজনো নেতা ৷

আনহাতে বিৰোধী ঐক্যৰ নেতৃবৰ্গই দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি অভিযোগ দাখিল কৰিব ৷
উল্লেখ্য যে,উল্লেখ্য যে এছআৰৰ জৰিয়তে ৰাজ্যৰ ভোটাৰ তালিকাত বিহাৰ, উত্তৰ প্ৰদেশ আদিৰ ভোটাৰৰ নাম অন্তর্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এনে সময়তে অলপতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰে যে ৰাজ্যিক বিজেপিৰ সভাপতি শইকীয়াই শেহতীয়াভাবে দলীয় কর্মকর্তাৰ স’তে হোৱা এক ভিডিঅ’ কনফাৰেন্সত ৰাজ্যৰ ৬০ টা বিধানসভা সমষ্টিৰ পৰা ভোটাৰৰ নাম কর্তন – কৰিবলৈ দলীয় মন্ত্রী-বিধায়কক নির্দেশ দিয়ে। এই সমস্ত অভিযোগক লৈ কংগ্রেছে ৰাজ্যিক বিজেপিৰ সভাপতিজনৰ বিতর্কিত ভিডিঅ’ কনফাৰেন্সৰ ফৰেনচিক তদন্তও দাবী কৰিছে। কালি ই এখন সংবাদমেলত কংগ্রেছ সাংসদ ৰকিবুল হুছেইন আৰু প্ৰাক্তন মন্ত্রী ৰিপুন বৰাই অভিযোগ উত্থাপন কৰে যে বিজেপি চৰকাৰৰ স’তে মিলি নির্বাচন আয়োগে বিশেষ কূটকৌশলৰ জৰিয়তে মহাৰাষ্ট্ৰ, হাৰিয়ানা, কৰ্ণাটকৰ আৰ্হিত অসমতো ভোেট চুৰিৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। অসমৰ মুখ্য নির্বাচন বিষয়াই কংগ্ৰেছসহ সকলো বিৰোধী দলৰ প্ৰতিনিধিক মাতি ভোটাৰ – তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ চিন্তা কৰিবলগীয়া একো নাই বুলি কৈছিল যদিও বাস্তৱত একাধিক উদ্বেগজনক তথ্য পোহৰলৈ অহা বুলি উদাহৰণসহ সংবাদমেলত তথ্য দাঙি ধৰে কংগ্ৰেছ নেতাদ্বয়ে। সংবাদমেলত সাংসদ হুছেইনে কয় যে নির্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰতি বছৰে হোৱা সংক্ষিপ্ত সংশোধনীৰ দৰে হ’ব বুলি কৈছিল যদিও বাস্তৱত এখন বিপৰীত ছবিহে দেখা গৈছে। ৰাজনৈতিক দলসমূহৰ বুথ পৰ্যায়ৰ এজেন্ট (বিএলএ) সকলক আন্ধাৰত ৰাখি বিএলঅ’ (বুথ পৰ্যায়ৰ বিষয়া) সকলে খচৰা তালিকা উলিওৱা বুলি হুছেইনে অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে খচৰা তালিকা প্রস্তুতৰ পূৰ্বে দাবী আৰু আপত্তিৰ ক্ষেত্ৰত বহু খেলি-মেলি সংঘটিত হয়। ছয়, সাত আৰু আঠ নম্বৰ প্ৰ-পত্ৰৰ ব্যাপক অপব্যৱহাৰ হোৱা বুলিও অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সাংসদজনে লগতে কয়, ‘মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস নাই। গতিকে বাহিৰৰ পৰা মানুহ আনিবলৈ এজন লোককে বহুতৰ বিৰুদ্ধে আপত্তি দর্শোৱা কাৰ্যত ব্যৱহাৰ কৰিছে।’ নির্বাচন আয়োগৰ নিয়ম অনুসৰি একক আপত্তিহে গ্রহণযোগ্য যদিও এজন লোকে বহুতৰ বিৰুদ্ধে দিয়া ওজৰ-আপত্তি আয়োগে গ্রহণ কৰা কাৰ্যত তেওঁ আশ্চর্য প্রকাশ কৰে। বিষয়টো সম্পৰ্কত তেওঁ আৰু কয়, ‘নিয়ম অনুযায়ী প্রত্যেক সপ্তাহত কি সে দাবী আৰু ওজৰ-আপত্তি আহিছে সেয়া পঞ্জীয়নভুক্ত প্ৰতিটো ৰাজনৈতিক দলকে আ জনাব লাগে; কিন্তু তেনে কৰা হোৱা নাই। তাৰ পৰিৱৰ্তে এতিয়া ব্যাপক হাৰত অ ভোট চুৰিৰ ষড়যন্ত্ৰ কৰা হৈছে। কোনো নিয়ম মনা হোৱা নাই যদিও নির্বাচন সে আয়োগে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে।’ নির্বাচন বিষয়াসকলক মুখ্যমন্ত্রী ব আৰু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে প্রভাৱান্বিত কৰিবলৈ নামকৰ্তনৰ দৰে কথা কোৱা বিষয়টোও সংবাদমেলত হুছেইনে উনুকিয়ায়। তেওঁ কয় যে এনে কার্য শে সম্পূর্ণরূপে অসাংবিধানিক আৰু নীতি বহির্ভূত। এই সকলো কথা-কাণ্ড দেখিও উ নির্বাচন আয়োগ কিয় নীৰৱ হৈ আছে বুলি হুছেইনে প্রশ্ন কৰে।




































