কাশ্মীৰ অশান্ত কৰাৰ নতুন ষড়যন্ত্ৰ!

ড্ৰ’নৰ সহায়ত গ্ৰেনেডকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ নিক্ষেপ

IMG 20260110 160936

Jammu and Kashmir✒️অপাৰেচন সিন্দূৰৰ পাছতো পাকিস্তানে শিক্ষা নল’লে ।জম্মু–কাশ্মীৰ অশান্ত কৰিবলৈ পুনৰ চেষ্টা আৰম্ভ কৰিছে পাকিস্তানে। কাশ্মীৰলৈ ড্ৰ’নৰ জৰিয়তে অস্ত্ৰ পঠিওৱাৰ ঘটনা পোহৰলৈ আহিছে।

জম্মু–কাশ্মীৰৰ সাম্বা জিলাত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত ড্ৰ’নেৰে পঠিওৱা অস্ত্ৰ উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। আৰক্ষীৰ মতে, উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে দুটা পিস্তল, তিনিটা মেগাজিন আৰু ১৬টা কাৰ্ট্ৰিজ।

শুকুৰবাৰে নিশা সীমান্তত টহল দিয়াৰ সময়ত বিএছএফ আৰু জম্মু–কাশ্মীৰ আৰক্ষীৰ বিশেষ দলৰ চকুত পৰে এটা পেকেট। পাছত পেকেটটো খুলি ভিতৰত অস্ত্ৰসমূহ উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে সন্দেহ কৰিছে যে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ আগতে কাশ্মীৰত অঘটন ঘটোৱাৰ উদ্দেশ্যে এই অস্ত্ৰ পঠিওৱা হৈছিল। ড্ৰ’নৰ জৰিয়তে বিচ্ছিন্নতাবাদীসকলক অস্ত্ৰ যোগান ধৰাৰ চেষ্টা চলোৱা হৈছে বুলি আৰক্ষীৰ সন্দেহ।

এই ঘটনাৰ পাছতে সীমান্ত অঞ্চলত নিৰাপত্তা অধিক কঠোৰ কৰা হৈছে। সন্দেহজনক যিকোনো গতিবিধিৰ ওপৰত কঠোৰ নজৰ ৰখা হৈছে।

ইফালে, নিৰাপত্তা বাহিনীৰ এক প্ৰতিবেদন অনুসৰি কিছুমান কাশ্মীৰী যুৱক অবৈধভাৱে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰলৈ গৈ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত হৈছে। এইসকলক সমাজমাধ্যমৰ জৰিয়তে ব্যৱহাৰ কৰি আন যুৱকক উচটনি দিয়াৰ চেষ্টা চলি থকা বুলি অভিযোগ উঠিছে।

Exit mobile version