Asaduddin Owaisi:✒️এদিন হিজাব পিন্ধা মহিলাই দেশৰ প্ৰধানমন্ত্ৰী হ’ব। মহাৰাষ্ট্ৰৰ সোলাপুৰত সংখ্যালঘু অধ্যুষিত অঞ্চলত ভোটপ্ৰচাৰ চলাওঁতে এআইএমআইএমৰ ছুপ্ৰিম আছাদুদ্দিন ওৱাইছিয়ে প্ৰত্যাহ্বানমূলক ভাষণত এই কথা কয়।
তেওঁ দাবী কৰে যে আজিৰ চৰকাৰে সংখ্যালঘুক ঘৃণা কৰে। লগতে ছোৱালীক হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ চেষ্টা চলাইছে। কিন্তু হিজাব পিন্ধা এইগৰাকী মহিলাই এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’ব।
ওৱাইছিয়ে স্পষ্টকৈ কয়, “এইখন পাকিস্তান নহয়, এইখন ভাৰত। ইয়াত ঘৃণাৰ কোনো স্থান নাই।” হায়দৰাবাদৰ সাংসদগৰাকীৰ মতে, বিজেপিৰ ঘৃণাভিত্তিক ৰাজনীতি দীঘলীয়া নহ’ব। তেওঁ অভিযোগ কৰে যে বিজেপি নেতৃত্বাধীন চৰকাৰে মুছলিম মহিলাসকলক হিজাব পিন্ধিবলৈ বাধা দিয়ে, যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ক্ষমতায়নৰ কথা কয়। ‘বেটী বচাও, বেটী পঢ়াও’ৰ প্ৰচাৰ, তিন তালাক নিষিদ্ধকৰণ— এই সকলো ব্যৱস্থাৰ পাছতো, মুছলিম মহিলাৰ সম্ভ্ৰম আৰু অধিকাৰৰ ক্ষেত্ৰত চৰকাৰখন দুমুখীয়া বুলি মন্তব্য কৰে ওৱাইছিয়ে।
ওৱাইচিয়ে কয় যে বিজেপিয়ে ঘৃণা কৰা হিজাব পিন্ধা মহিলাগৰাকীয়ে এদিন দেশৰ প্ৰধানমন্ত্ৰী হ’ব। ভাৰতৰ সংবিধানে ইয়াৰ অনুমতি দিয়ে।ভাৰতৰ সংবিধানে তাৰ পূৰ্ণ অনুমতি দিয়ে।
তেওঁ লগতে কয়, পাকিস্তানৰ সংবিধান অনুসৰি কেৱল এটা বিশেষ ধৰ্মৰ লোকেই প্ৰধানমন্ত্ৰী হ’ব পাৰে, কিন্তু ভাৰতৰ সংবিধান— যাক তেওঁ ‘বাবাচাহেব আম্বেদকাৰৰ সংবিধান’ বুলি উল্লেখ কৰে— যিকোনো নাগৰিকক, হিজাব পিন্ধা মহিলা হ’লেও, মেয়ৰ, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী হোৱাৰ অধিকাৰ প্ৰদান কৰে।
এই মন্তব্যসমূহ ওৱাইচিয়ে সংখ্যালঘু ভোটাৰসকলক একত্ৰিত কৰাৰ লক্ষ্যৰে নিৰ্বাচনী সভাত দিয়া বুলি ধাৰণা কৰা হৈছে। ইয়াক লৈ বিজেপিৰ শিবিৰত উদ্বেগ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে, দেশৰ জনবিন্যাসৰ পৰিৱর্তন আৰু সংখ্যালঘু জনসংখ্যা বৃদ্ধি লৈ ইতিমধ্যে বিজেপি তথা হিন্দুত্ববাদী সংগঠনসমূহে উদ্বেগ প্ৰকাশ কৰি আহিছে। সীমান্তৱৰ্তী অঞ্চলসমূহত সংখ্যালঘু জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা বিষয়টো লৈ স্বাধীনতা দিৱসৰ ভাষণত স্বয়ং প্ৰধানমন্ত্ৰীয়েও আশংকা ব্যক্ত কৰিছিল।
এই পৰিস্থিতিত ওৱাইচৰ মন্তব্যই পুনৰ এবাৰ ৰাজনৈতিক বিতৰ্ক উচটনি দিছে। তেওঁৰ এই বক্তব্য কেৱল ৰাজনৈতিক কৌশল নে গভীৰ কোনো ভাবনাৰ প্ৰতিফলন— সেই প্ৰশ্ন এতিয়া ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
