ইৰানত ডিঙিৰ সিৰা ফাটি তেজ বৈ যোৱালৈ প্রতিবাদী ধ্বনি বৃদ্ধাৰ

IMG 20260111 114504

Iran:✒️কোনোবা যুৱতীয়ে যদি আয়াতুল্লাহ আলী খামেনেইৰ ফটো পুৰি চিগাৰেট হুপিছে, আন কোনোবা বৃদ্ধাই আকৌ ডিঙিৰ সিৰা ফাটি তেজ বৈ যোৱালৈকে ধ্বনি দিছে! সম্প্রতি এনে দৃশ্য ইৰানৰ ৰাজধানী তেহৰানকে ধৰি বহু অঞ্চলত পৰিলক্ষিত হৈছে। কাৰণ চৰকাৰ বিৰোধী জনতাৰ প্রতিবাদে ইৰানত প্রবলৰ পৰা প্ৰবল ৰূপ ধাৰণ কৰিবলৈ লৈছে।

মার্কিন প্রশাসনে সমর্থন আগবঢ়োৱা এই প্রতিবাদে দেশখনৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইৰ ভেটিত একপ্ৰকাৰ জোঁকাৰণিৰ সৃষ্টি কৰিছে। উল্লেখ্য যে প্রথম অৱস্থাত দেশখনৰ সমস্যাত কাহিল হৈ পৰা আর্থিক অৱস্থাৰ বিৰুদ্ধে এই প্রতিবাদ সাব্যস্ত হৈছিল। সময় বাগৰাৰ লগে লগে জনতাৰ এই প্রতিবাদ সর্বোচ্চ ধর্মীয় নেতাজনৰ বিৰুদ্ধে ঢাল খায়। আনকি প্রতিবাদকাৰীসকলে চৰকাৰ ওফৰোৱাৰো হুংকাৰ দিছে। পাৰস্য উপসাগৰীয় দেশখনত বিগত ডেৰ সপ্তাহ ধৰি এই উত্তাল পৰিৱেশ বিৰাজ কৰিছে।

ইৰানী মুদ্রাৰ মূল্য ব্যাপক হাৰত হ্রাস, মুদ্রাস্ফীতি, আর্থিক বিপর্যয়ক লৈ প্রশ্ন উত্থাপন কৰি যোৱা ২৮ ডিচেম্বৰত প্ৰথমে তেহৰানত অগণন লোকে প্রতিবাদ গঢ়ি তোলে। প্রতিবাদকাৰীসকলে নিবনুৱা সমস্যা আৰু বয়-বস্তুৰ মূল্যবৃদ্ধি নিয়ন্ত্রণত চৰকাৰ ব্যৰ্থ হোৱাক লৈয়ো ক্ষোভ প্রকাশ কৰে। সময় বাগৰাৰ লগে লগে দেশখনৰ আন অঞ্চলসমূহতো প্রতিবাদ গঢ় লৈ উঠে। প্রতিবাদ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ইয়াৰ স’তে ৰাজনীতিৰ ৰঙো লাগে।

প্রতিবাদকাৰীসকলৰ দাবী হ’ল ক্ষমতাৰ পৰিৱৰ্তন হ’ব লাগে। ইছলামিক গণৰাজ্যিক ব্যৱস্থাৰ অৱসান ঘটোৱাৰ দাবী উত্থাপন কৰি আহিছে প্ৰতিবাদকাৰীসকলে। এই দাবী লৈ জাতি-গোষ্ঠী আৰু অঞ্চল নির্বিশেষে অগণন লোকে দেশখনৰ অন্ততঃ এশখন নগৰত প্ৰতিবাদ অব্যাহত ৰাখিছে। স্বতঃস্ফূর্তভাবে অগণন লোক ৰাজপথলৈ ওলাই আহি প্রতিবাদত চামিল হৈছে।

প্রতিবাদৰ সময়ত অগ্নিকাণ্ডৰ লেখীয়া হিংসাত্মক ঘটনাও সংঘটিত হৈছে। ইছফাহান চহৰস্থিত চৰকাৰী সম্প্ৰচাৰ প্ৰতিষ্ঠান (ইছলামিক ৰিপাব্লিক অব ইৰান ব্ৰ’ডকাস্টিং)ৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠানত ক্ষুব্ধ প্রতিবাদকাৰীসকলে অগ্নিসংযোগ কৰিছে। আনকি ৰণনীতিগত দিশৰ পৰা গুৰুত্বপূৰ্ণ চহৰ আব্বাছ বন্দৰো প্ৰতিবাদকাৰীসকলে স্তব্ধ কৰি দিছে। লক্ষ্যণীয়ভাবে এই প্রতিবাদত উল্লেখযোগ্য ভূমিকা পালন কৰিছে দেশখনৰ মহিলাসকলে।

হিজাব খুলি ৰাজপথলৈ ওলাই অহা অগণন মহিলাই হাতত প্লেকার্ড লৈ চৰকাৰ বিৰোধী ধ্বনিৰে চৌপাশ কঁপাই তোলে। স্বাভাৱিকতে প্রতিবাদ দমন কৰিবলৈ জঁপিয়াই পৰিছে চৰকাৰ। জনতাক ছত্রভংগ দিবলৈ বহু ঠাইত নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ প্রয়োগ কৰাৰ উপৰি গুলি আৰু গ্রেণেডো নিক্ষেপ কৰিছে। বাতৰি লিখা পৰলৈ চৰকাৰ বিৰোধী আন্দোলনৰ এই সময়ছোৱাত কমেও ৪২ জন প্রতিবাদকাৰী নিহত হৈছে।

নিহতসকলৰ মাজত শিশুও আছে বুলি সূত্রই প্রকাশ কৰিছে। তদুপৰি নিৰাপত্তা বাহিনীয়ে ২,২৭০ জনৰো অধিক প্রতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে মানৱ অধিকাৰ সংস্থাসমূহৰ মতে নিৰাপত্তা বাহিনীৰ গুলি, গ্রেণেড বর্ষণত নিহতৰ সংখ্যা অধিক।

উল্লেখ্য যে প্রতিবাদে জটিল ৰূপ ধাৰণ কৰাৰ পাছতে ইৰান চৰকাৰে ইন্টাৰনেট আৰু ম’বাইল ফোন সেৱা বন্ধ কৰিছে। আনকি তাব্রিজ বিমানকোঠত বিমানৰ উৰণ অৱতৰণো বন্ধ কৰিছে। আনহাতে, পর্যটক সংস্থাসমূহৰ মতে চৰকাৰে ইন্টাৰনেট বন্ধ কৰিলেও প্রতিবাদ দমনৰ নামত চৰকাৰী বাহিনীয়ে আশ্রয় লোবা নিষ্ঠুৰতাৰ সাক্ষ্য ইতিমধ্যে সমগ্র বিশ্ববাসীয়ে পাইছে। কাৰণ সামাজিক মাধ্যমত এই দমন উৎপীড়নৰ বহু ফটো-ভিডিঅ’ বিয়পি পৰিছে। এনে দমন-উৎপীড়নৰ মাজতো লক্ষ লক্ষ জনতাই নিজ স্থিতিত অটল থাকি প্রতিবাদ অব্যাহত ৰাখিছে।

আনকি বহু স্থানত প্ৰতিবাদৰ প্রকোপ বৃদ্ধিহে পায়। এনে অবস্থাতে ইৰানৰ নির্বাসিত যুৱৰাজ ৰেজা পাহলভি (প্রাক্তন শাসক ৰেজা শ্বাহ পাহলভিৰ পুত্র) য়ে জনতাক প্রতিবাদত অংশ ল’বলৈ আহ্বান জনোৱাত সমগ্র দেশজুৰি উত্তেজনা বিয়পি পৰিছে। সমাজ মাধ্যমত এটা প’ষ্টত পাহলভিয়ে কয়, ‘লাখ লাখ ইৰানবাসীয়ে আজি স্বাধীনতা বিচাৰি সমদল উলিয়াইছে। ইয়াৰ উত্তৰ দিবলৈ চৰকাৰে যোগাযোগৰ সমস্ত মাধ্যম বিচ্ছিন্ন কৰিছে।’

যুৱৰাজজনে খামেনেইৰ বিৰুদ্ধেও হুংকাৰ দিছে। তদুপৰি তেওঁ ইৰানৰ প্রতিবাদী জনতাৰ কাষত থিয় হোৱাৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক ধন্যবাদো জনাইছে। আনকি তেওঁ দেশখনত বিৰাজ কৰি থকা এই প্রতিবাদমুখৰ অৱস্থাক লৈ নীৰৱতা ভংগ কৰি স্থিতি স্পষ্ট কৰিবলৈ ইউৰোপৰ দেশসমূহৰ প্রতি আহ্বান জনাইছে। আনহাতে, ইৰানৰ গোড়া ধর্মীয় শাসনতন্ত্রক অত্যন্ত কঠোৰ উত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিছে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে। ইয়াৰ পূর্বেও তেওঁ ইবান চৰকাৰক সকীয়াই দি প্রতিবাদকাৰীসকলৰ বিৰুদ্ধে পদক্ষেপ গ্রহণ নকৰিবলৈ দাবী জনাইছিল। তাৰ পাছতে তেওঁ অধিক কঠোৰ স্থিতি গ্রহণ কৰি কয়, ‘যদি তেওঁলোকে (ইৰানৰ চৰকাৰ) মানুহ মাৰিবলৈ আৰম্ভ কৰে তেন্তে আমি তেওঁলোকৰ ওপৰত অত্যন্ত কঠিন আঘাত হানিম।’

লক্ষ্যণীয়ভাবে ট্রাম্পৰ এনে ধাৰাবাহিক সকীয়নিৰ পাছত সুৰ নৰম হৈছে ইৰান চৰকাৰৰ। ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে নিৰাপত্তা বাহিনীলৈ আহ্বান জনাইছে যে প্রতিবাদকাৰীসকলক দেখা মাত্রে কঠোৰ পদক্ষেপ ল’ব নালাগে। অৱশ্যে এনে পৰিস্থিতিত খামেনেই নীৰৱ হৈ থকা নাই। বৰঞ্চ ট্রাম্পক সকীয়াই দি কয়, ‘আমাৰ দেশত থাকি বিদেশী শক্তিৰ হৈ যদি কোনোবাই ভাড়াতীয়া সৈন্যৰ কাম কৰে সেয়া সহ্য কৰা নহ’ব। ট্রাম্পেও নিজৰ দেশক লৈ মনোযোগ দিয়ক।’

বিক্ষোভকাৰীসকলকো সকীয়াই দি তেওঁ লগতে কয়, ‘মার্কিন ৰাষ্ট্ৰপতিৰ হাতত ইৰানীৰ তেজ লাগি আছে। আপুনি (ট্রাম্প) নিজৰ দেশৰ প্ৰতি মনোযোগ দিয়ক। আমাৰ প্রতিবাদকাৰীসকলে আন দেশৰ ৰাষ্ট্ৰপতি সন্তুষ্ট কৰা বাবে নিজৰ পথ ধ্বংস কৰিছে। ট্রাম্পৰ পতন হ’বই। আমাৰ যুৱক-যুৱতীসকল ঐক্যবদ্ধ হওক। বিক্ষোভ দেখি পিছুৱাই নাহো।’

Exit mobile version