Singer:✒️ইণ্ডিয়ান আইডল ছিজন–৩ৰ বিজয়ী আৰু অভিনেতা প্ৰশান্ত তামাঙৰ দেহাৱসান। নতুন দিল্লীস্থিত নিজ বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স ৪৩ বছৰ।
অলপতে অৰুণাচল প্ৰদেশৰ এটা সংগীত অনুষ্ঠানত অংশ গ্ৰহণ কৰি তেওঁ দিল্লীলৈ উভতিছিল। চলচ্চিত্ৰ নিৰ্মাতা ৰাজেশ ঘটানি আৰু গায়ক মহেশ সেৱাই মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। পৰিয়ালৰ ফালৰ পৰা এতিয়ালৈকে আনুষ্ঠানিক মন্তব্য অহা নাই।
২০০৭ চনত ইণ্ডিয়ান আইডল–৩ জয় কৰাৰ পাছতে প্ৰশান্ত তামাঙে সংগীতৰ লগতে অভিনয় জগততো নিজৰ স্থান দঢ় কৰিছে। নেপালী চলচ্চিত্ৰ আৰু ৱেব ছিৰিজতো তেওঁ অভিনয় কৰিছিল।
তেওঁৰ আকস্মিক মৃত্যুৱে ভাৰতৰ লগতে নেপালৰ সাংস্কৃতিক জগততো গভীৰ শোকৰ ছাঁ পেলাইছে।
