ডিজিটেল এৰেষ্ট’ প্ৰৱঞ্চনা: দিল্লিত চিকিৎসক দম্পতিয়ে হেৰুৱালে প্ৰায় ১৪ কোটি টকা

IMG 20260111 134718

Digital arrest:✒️দেশজুৰি বৃদ্ধি পাইছে ‘ডিজিটেল এৰেষ্ট’ নামৰ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা।এইবাৰ দক্ষিণ দিল্লিৰ গ্ৰেটাৰ কৈলাশ এলেকাত ‘ডিজিটেল এৰেষ্ট’ নামৰ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। এই ঘটনাত এগৰাকী প্ৰবীণ চিকিৎসক দম্পতিয়ে প্ৰায় ১৪ কোটি টকা হেৰুৱাইছে। ইতিমধ্যে দিল্লি আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰে জনোৱা মতে, ডাঃ ওম তানিজা আৰু তেওঁৰ পত্নী ইন্দিৰা তানিজাক অভিযুক্তসকলে নিজকে আৰক্ষী আৰু তদন্ত সংস্থাৰ বিষয়া বুলি পৰিচয় দি ফোন আৰু ভিডিঅ’ কল কৰিছিল। তেওঁলোকক ভয় দেখুৱাই কয় যে, তেওঁলোক তদন্তৰ আওতাত আছে।

অভিযোগ অনুসৰি, ২৪ ডিচেম্বৰ পৰা ১০ জানুৱাৰীলৈ দম্পতিজনক ঘৰতে থাকিবলৈ বাধ্য কৰা হয়। এই সময়ছোৱাত তেওঁলোকক বাহিৰলৈ ওলাই যোৱাতো নিষেধ কৰা হৈছিল।

এই সময়ছোৱাতেই ইন্দিৰা তানিজাৰ একাধিক বেংক একাউণ্টৰ পৰা প্ৰায় ১৪.৮৫ কোটি টকা লুটি লোৱা হয়।আৰক্ষীৰ মতে, ভয় আৰু আইনী ব্যৱস্থাৰ ভাবুকি দেখুৱাই এই ধন আত্মসাৎ কৰা হৈছিল।

১০ জানুৱাৰীত দম্পতিজনে বিষয়টো সন্দেহজনক বুলি বুজি পাই দিল্লি আৰক্ষীত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত চাইবাৰ ক্ৰাইম শাখাই তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে কয়, ধন কিদৰে স্থানান্তৰ কৰা হৈছিল আৰু অভিযুক্তসকলৰ পৰিচয় উদ্ধাৰৰ চেষ্টা চলি আছে।

আৰক্ষীয়ে লগতে জনায়, সাম্প্ৰতিক সময়ত ‘ডিজিটেল এৰেষ্ট’ৰ নাম লৈ বিভিন্ন কেন্দ্ৰীয় সংস্থাৰ পৰিচয় ব্যৱহাৰ কৰি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ ঘটনা বৃদ্ধি পাইছে। এই ধৰণৰ চাইবাৰ প্ৰৱঞ্চনাৰ ক্ষেত্ৰত নাগৰিকক সাৱধান থাকিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে।

Exit mobile version