কৃত্রিম বুদ্ধিমত্তা পৰিচালিত যন্ত্ৰই মানৱৰ নিৰ্দেশ অমান্য কৰিবঃমাইক্ৰ’ছফটৰ এআই বিশেষজ্ঞৰ সকীয়নি

IMG 20260112 141329

AI:✒️প্রযুক্তিৰ বিশ্বত প্রতিদিনে কৃত্রিম বুদ্ধিমত্তা অর্থাৎ এআই উন্নত হ’বলৈ ধৰিছে। ইয়াৰ সুফল মানবে লাভ কৰিছে যদিও একে সময়তে কিছুমান বিপদৰ সম্ভাৱনাও প্রকট হৈছে।

এইবাৰ মাইক্ৰ’ছফটৰ কৃত্রিম বুদ্ধিমত্তা বিষয়ৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) মুস্তফা ছুলেমানে এআইৰ সম্ভাব্য এক বিপদৰ সকীয়নি দিলে। মুস্তফাই কয় যে প্রযুক্তি কোম্পানীসমূহে এতিয়া অতি বুদ্ধিমান প্রযুক্তি উদ্ভাৱনৰ প্রতিযোগিতাত অৱতীর্ণ হৈছে আৰু ইয়াৰ ফলত কৃত্রিম বুদ্ধিমত্তাৰ দৰে প্ৰযুক্তি ভৱিষ্যতে মানৱৰ বিপদৰ কাৰণত পৰিণত হ’ব পাৰে।

এআই উদ্যোগৰ নিয়ন্ত্রণত সামান্য ভুল হ’লেই আগন্তুক দিনত কৃত্রিম বুদ্ধিমত্তা পৰিচালিত যন্ত্রই মানুহৰ নিৰ্দেশনা অমান্য কৰাৰ দৰে ঘটনা হ’ব পাৰে বুলি মুস্তফাই সকীয়াই দিলে।

এআই বিশেষজ্ঞজনে ক’লে, ‘যেতিয়ালৈকে আমি এআইক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিব নোৱাৰো, তেতিয়ালৈকে এআইৰ স’তে মানবীয় মূল্যবোধক জড়িত কৰোৱাৰ চেষ্টা অসাৰ হ’ব। আমি এআইক এইটো শিকাইছো যে তেওঁ মানুহৰ কল্যাণ কৰিব লাগে। কিন্তু ইয়াৰ পূর্বে আমি এই কথা জানি লোৱা উচিত হ’ব যে এআইক নিয়ন্ত্ৰণৰ শক্তি আমাৰ আছে নে নাই। আগন্তুক দিনত অতি উচ্চ কৃত্রিম বুদ্ধিমত্তাৰ আগমন হ’ব আৰু তেতিয়া কেনেবাকৈ এআই মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে যন্ত্রই মানর নির্দেশ অমান্য কৰিব পাৰে, এই শংকা আছে।”

Exit mobile version