Jammu and Kashmir:✒️দেওবাৰে আবেলি জম্মু-কাশ্মীৰৰ আকাশসীমাত দেখা যায় কেবাটাও পাকিস্তানী ড্ৰ’ন।তথ্য অনুসৰি, এই ড্ৰ’নসমূহে ভাৰতৰ আকাশসীমাতো প্ৰৱেশ কৰিছিল। ঘটনাটোৰ পাছতে নিৰাপত্তা বাহিনীয়ে হাই এলাৰ্ট জাৰি কৰিছে। ইয়াৰ ফলত নতুন বছৰৰ আৰম্ভণিতেই পুনৰ ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ আশংকা উঠিছে।
নিৰাপত্তা বাহিনীৰ বিষয়াসকলে জনোৱা মতে, দেওবাৰে আবেলি প্ৰায় ছয় বজাৰ পৰা আঠ বাজি ১৫ মিনিটলৈকে কাশ্মীৰত অন্ততঃ পাঁচটা পাক ড্ৰ’ন উৰি ফুৰা দেখা গৈছে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ সাম্বা, ৰাজৌৰি আৰু পুঞ্চ জিলাত এই ড্ৰ’নসমূহ দেখা গৈছিল। সীমান্ত পাৰ হৈ ড্ৰ’নসমূহে ভাৰতৰ আকাশসীমাত প্ৰৱেশ কৰি কেবাটাও অঞ্চলত কিছু সময় ঘূৰি পুনৰ পাকিস্তানলৈ উভতি যায়।
তথ্য অনুসৰি, ৰাজৌৰি জিলাৰ নৱশেৰা ছেক্টৰৰ গানিয়া-কালসিয়ান গাঁৱত আবেলি প্ৰায় ছয় বাজি ৩৫ মিনিটত এখন পাক ড্ৰ’ন উৰি থকা দেখা যায়। ইয়াৰ পাছতে ভাৰতীয় সেনাই ড্ৰ’ন লক্ষ্য কৰি গুলীচালনা কৰে।
আনহাতে, সাম্বা জিলাৰ চক বাবৰাল গাঁৱত সন্ধিয়া প্ৰায় সাত বাজি ১৫ মিনিটত পাক ড্ৰ’ন ঘূৰি থাকে। পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখা সংলগ্ন অঞ্চলতো সন্ধিয়া প্ৰায় ছয় বাজি ৩০ মিনিটত এখন পাক ড্ৰ’ন দেখা গৈছিল। অৱশ্যে, এই ড্ৰ’নসমূহে ভাৰতৰ ওপৰত কোনো আক্ৰমণ চলোৱা নাই। ভাৰতীয় প্ৰত্যাঘাতত কোনো পাক ড্ৰ’ন ক্ষতিগ্ৰস্ত হৈছে নে নাই, সেই বিষয়টো এতিয়াও নিশ্চিত হোৱা নাই।
নিৰাপত্তা বিষয়াসকলৰ মতে, ভাৰতৰ ভিতৰত লুকাই থকা সন্ত্ৰাসবাদীসকলৰ অস্ত্ৰ আৰু অন্যান্য বস্তু যোগান ধৰাৰ উদ্দেশ্যেই সম্ভৱত এই পাক ড্ৰ’নসমূহ আহিছিল। ইতিমধ্যে সাম্বা, ৰাজৌৰি আৰু পুঞ্চ—এই তিনিখন জিলাত চিৰুনি তল্লাশি অভিযান আৰম্ভ কৰা হৈছে। যি অঞ্চলসমূহত পাক ড্ৰ’ন দেখা গৈছিল, সেই সকলো ঠাইতে সেনা, আৰক্ষী আৰু অন্যান্য নিৰাপত্তা সংস্থাই সন্ধান অভিযান চলাইছে। গভীৰ নিশালৈও এই তল্লাশি অব্যাহত আছিল।
ইফালে, গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠিছে—ভাৰতৰ আকাশসীমাত পাঁচখন ড্ৰ’ন কেনেকৈ প্ৰৱেশ কৰিব পাৰিলে? আৰম্ভণিতেই কিয় এই ড্ৰ’নসমূহক বাধা দিব পৰা নগ’ল? পহলগাম আক্ৰমণ আৰু ‘অপাৰেছন সিন্দুৰ’ৰ পিছৰে পৰা সীমান্ত এলেকা উত্তপ্ত হৈ আছে। তেনেস্থলত বায়ুসেনা আৰু স্থলসেনাৰ উপস্থিতি থকাৰ পাছতো পাক ড্ৰ’ন কিয় ৰোধ কৰিব পৰা নগ’ল, সেই বিষয়েও এতিয়া গুৰুত্বসহকাৰে তদন্ত চলোৱা হৈছে।
