মুখ দেখিলেই চিনিব ৰোগৰ লক্ষণ

IMG 20260112 161652

মানবদেহ হৈছে নানান ৰোগৰ বাহ। শৰীৰ কেতিয়া কি ৰোগত আক্রান্ত হয় বোজা কঠিন। কেতিয়াবা কোনো ৰোগত ভুগি থাকিলেও বুজি পোৱা নাযায়। অৱশ্যে কি ৰোগে বাহ লৈছে তাৰ কিছু লক্ষণ শৰীৰতে প্রকাশ পায়।

বিশেষজ্ঞৰ মতে, এনে কিছু ৰোগ আছে যাৰ লক্ষণ প্রথম দেখা যায় মুখত। এতিয়া জানক মুখ দেখি কিদৰে বুজিব কি ৰোগত ভূগি আছে।

⇨ তেজত বিলিরুবিনৰ মাত্রা বৃদ্ধি পালে চকু, মুখ হালধীয়া হৈ পৰে। এই লক্ষণ দেখা পালে জণ্ডিচ হৈছে নেকি পৰীক্ষা কৰা জৰুৰী।

⇨ নাকৰ দুকাষৰ পৰা সমগ্র গালত ৰঙা দাগ দেখা পালে বুজিব যে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভালদৰে কাম কৰা নাই বা দুৰ্বল হৈ পৰিছে। ⇒ শীতকলত ওঁঠ ফটাৰ সমস্যা অতি স্বাভাবিক। কিন্তু যদি সমগ্ৰ বছৰতে ওঁঠ ফটাৰ সমস্যা থাকে বা গৰমকালতো যদি ওঁঠ ফাটে, তেন্তে কোনো এলাৰ্জিৰ কাৰণে আপোনাৰ শৰীৰ ডিহাইড্রেটেড হৈছে বুলি ধৰিব পাবে।

⇨ তেজত ক’লেষ্টেৰলৰ মাত্রা অতিৰিক্তভাৱে বৃদ্ধি পালে তাৰ প্রভাৱ পৰে ছালত। চকুৰ পতাৰ ওপৰত হালধীয়া দাগ পৰিলে জনা যায় যে ক’লেষ্টেৰল বৃদ্ধি পাইছে।

⇨ কে’বাটাও কাৰণৰ বাবে ডিঙি আৰু দাঁতৰ আলু ফোলাৰ সমস্যাই দেখা দিব পাৰে। ইউৰিনৌ ট্রেক্ট ইনফেকচন, অপুষ্টি বা মাত্রাধিক প্রক্রিয়াজাত খাদ্য খোৱাৰ অভ্যাসেই ইয়াৰ কাৰণ।

⇨ মুখত যদি ক্রমাগতভাবে তিলৰ মাত্রা বৃদ্ধি পাই থাকে আৰু অধিকাংশ তিলেই যদি অসমান হয়, তেন্তে সাবধান। এইদৰেই কিন্তু সংকেত দিয়ে ছালৰ কৰ্কটে।

Exit mobile version