Amguri Protest:ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ বিতৰ্কিত মন্তব্যক উত্তাল উজনি অসম

আমগুৰিত অসমীয়া যুৱ মঞ্চই ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌ পথত চোঁচৰাই ওলমালে গছত

WhatsApp Image 2026 01 12 at 12.23.43 PM

Amguri Protest:

কংগ্ৰেছত যোগ দিয়েই আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰে শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ বিতৰ্কিত মন্তব্যক লৈ উত্তাল উজনি অসম ৷ ন -কংগ্ৰেছ গৰাকীৰ এনে মন্তব্যক লৈ উজনি কে’বাটাও জাতীয় সংগঠনৰ ৰোষত আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰ ৷ অসমীয়া যুৱ মঞ্চই উভতি ধৰিলে ৰেজাউল কৰিমক৷

সোমবাৰে জাতীয় সংগঠনটোৱে আমগুৰি চাৰিআলিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজ‌আলিত চোঁচৰাই লৈ ফুৰে । ইয়াৰোপৰি প্ৰতিকৃতিটো গছত ওলোমাই লৈ লঠিয়াই, গুৰিয়াই, থু পেলাই ক্ষোভ প্ৰকাশ কৰে ৷ ইয়াৰ পিছত প্ৰতিকৃতিটো ৰাজপথত দাহ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ উজনিক লৈ ৰেজাউল কৰিম সৰকাৰক তিৰ্যক মন্তব্য নকৰিবলৈ সকীয়নি দিয়ে অসমীয়া যুৱ মঞ্চৰ নেতৃবৃন্দই ৷

Exit mobile version