Bhelaghar:কাইলৈ হেঁপাহৰ বিহুৰ উৰুকা

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ উছাহ , নলবাৰী মাজদিয়াত অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতিচ্ছবি ভেলাঘৰৰ ৰূপত

WhatsApp Image 2026 01 12 at 3.11.39 PM 1

Bhelaghar:

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ উছাহ ৷ চৌদশে বিৰাজ কৰিছে উখল -মাখল পৰিবেশ। কাইলৈ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। ব্যস্ততাৰ অন্ত নাই প্ৰতিগৰাকী অসমীয়াৰ । মাঘ বিহু বুলি কলেই নানা ৰকমৰ খাদ্য সম্ভাৰৰ লগতে মনলৈ আহে মেজি , ভেলাঘৰৰ কথা । তাৰ ব্যাতিক্ৰম নহয় নলবাৰী জিলা । নলবাৰী জিলাৰ মাজদিয়া গাঁওত আজি প্ৰায় কেবাবছৰ ধৰি গাঁওৰ যুৱক-যুৱতী , আবাল বৃদ্ধ বনিতাকে ধৰি সৰ্বস্তৰৰ গাঁওবাসীয়ে লগ লাগি অসমীয়া সংস্কৃতিৰ বিভিন্ন প্ৰতিচ্ছবি ভেলাঘৰৰ মাজেৰে বনাই ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । এইবাৰো তাৰ ব্যাতিক্ৰম নহয় । অসমীয়া বিহুৰ অতিকে চিনাকি জাপি , পেপা আৰু ঢোল সংলগ্ন ভেলাঘৰ বনাই ৰাইজৰ আকৰ্ষণৰ অভিকেন্দ্ৰ কৰি তুলিছে I

Exit mobile version