Murder Incident:কলিৰ পৰশুৰাম ! নিজ পিতৃক হত্যা কৰি বিচনাত শুৱাই ঘৰত তলা মাৰি থলে পুত্ৰই

WhatsApp Image 2026 01 12 at 3.11.39 PM

Murder Incident:

কলিৰ পৰশুৰাম ৰূপত এজন পাষাণ পুত্ৰ। নিজ জন্মদাত্ৰী পিতৃক হত্যা কৰি বিচনাত শুৱাই ঘৰত তলা মাৰি থলে পুত্ৰই। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ বিচনাত মৃত অৱস্থাত উদ্ধাৰ কৰিলে পিতৃৰ মৃতদেহ । এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় বৰপেটাৰোডৰ ৮ নং ৱাৰ্ড ৰ বৰ্মনপাৰাত ৷

মৃত লোকজনৰ নাম পুতুল সান্যাল ৷ দেওবাৰৰ নিশা প্ৰায় বাৰ বজাত বৰপেটাৰোড থানাৰ আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। ঘাতক পুত্ৰৰ নাম প্ৰীতম সান্যাল।

মৃতদেহৰ মূৰ আৰু মুখত গুৰুতৰ আঘাতৰ লগতে তেজ ওলাই থকা দেখা গৈছে। পুত্ৰৰ উপৰিও লোকজনৰ পত্নী আৰু এজনী কন্যা আছে । হত্যাত অভিযুক্ত পুত্ৰ প্ৰীতম সান্যাল পলাতক হৈ আছে। অৱশ্যে লোকজনৰ কন্যাক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে।

Exit mobile version