New TollGate:গুৱাহাটী পৰা যোৰহাটলৈ যোৱা পথত সংযোজিত হ’ল আৰু এটা টোলগেট

দেৰগাঁও ৰঙামাটিত নতুন টোলগেট মুকলি,আজিৰে সংগ্ৰহ টোল কৰ

WhatsApp Image 2026 01 12 at 2.12.04 PM

New TollGate:

যোৰহাটৰ পৰা গুৱাহাটীলৈ যোৱা পথত পুনৰ আৰু এটা সংযোজন হ’ল টোলগেট ৷ এতিয়াৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটোৰে অহা – যোৱা কৰা বাহনে ভৰিব লাগিব টোল কৰ ৷ দেৰগাঁৱৰ ৰঙামাটিত আজি মুকলি কৰা হয় নতুন টোলগেট। ইতিমধ্যে মুকলি হোৱাৰ পিছৰে সংগ্ৰহ কৰা হৈছে টোল কৰ ৷ অৰ্থাৎ যোৰহাটৰ পৰা গুৱাহাটীলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহযাহ কৰা বাহনে অতিক্ৰম কৰিব লাগিব মুঠ তিনিটা টোলগেট ৷

আনহাতে ৰঙামাটিত নতুন টোলগেটক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ টোলগেট বন্ধৰ দাবীত সোচ্ছাৰ হৈ পৰে আটছা I

Exit mobile version