Heroin Seized in Amingaon:
ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ মাজতে আমিনগাঁও আৰক্ষীৰ জালত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ কামৰূপ গ্ৰাম্য জিনাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল এটাই এখন থাৰ আৰু মাৰুটি জিমনি বাহন অৰ্তকিতে তালাচী চলাই ৯৭ টা চাবোনৰ বাকচত ১ কেজি ৩৫৮ গ্রাম ওজনৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সৰবৰাহকাৰী দুটাৰ নাম আমিনুল শ্বিকদাৰ আৰু আনোৱাৰ হুছেইন ৷
আৰক্ষীৰ জেৰাত সৰবৰাহকাৰী দুটাই স্বীকাৰোক্তি দিয়া অনুসৰি হেৰ’ইনখিনি দুখন পাহাৰীয়া ৰাজ্যলৈ সৰবৰাহ উদ্দেশ্যৰে নি আছিল ৷জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ১১ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
