Prominent musician Samar Hazarika passes away:বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

মহানগৰীৰ নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান শিল্পী গৰাকীৰ, ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য

WhatsApp Image 2026 01 13 at 11.55.33 AM

Prominent musician Samar Hazarika passes away:

উৰুকাৰ পুৱাই ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ ৷ বিশিষ্ট সংগীত শিল্পী তথা ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকাৰ দেহাৱসান ৷ আজি পুৱা ৮.৪৫ বজাত মহানগৰীৰ নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ বৰ্ষীয়ান শিল্পী গৰাকীয়ে ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা শিল্পী গৰাকী শেহতীয়াকৈ আক্রান্ত হৈছিল নিউমোনিয়া ৰোগত। প্ৰথিতযশা শিল্পী গৰাকীৰ পৰলোকপ্ৰাপ্তি খবৰ লাভ কৰাৰ পিছত অজস্ৰজন গুণমুগ্ধ উপস্থিত হয় নিজৰাপাৰৰ বাসগৃহত । শোকাহত হৈ পৰে ৰাজ্যবাসী ৷

ইপিনে ৰাজ্য চৰকাৰে বিশিষ্ট শিল্পী গৰাকীৰ নশ্বৰদেহ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ কথা ঘোষণা কৰিছে । আজি বিয়লি নৱগ্ৰহত শেষকৃত্য সম্পন্ন হ’ব সংগীত শিল্পী সমৰ হাজৰিকাৰ নশ্বৰদেহ ৷

Exit mobile version