ঝাৰখণ্ডত জামুগুৰিহাটৰ যুৱকৰ নৃশংস হত্যা 

IMG 20260115 115646

murder:✒️জামুগুৰিহাটৰ বামুনবাৰী সৰুফলীয়া গাঁৱৰ এজন যুৱকক বহিৰাজ্য ঝাৰখণ্ডত নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। হত্যাৰ বলি হোৱা যুৱকজনৰ নাম কৈলাশ নাথ।

কৈলাশ নাথ বহিৰাজ্যৰ এটা কোম্পানীত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত আছিল। ভোগালী বিহু উপলক্ষে ঘৰলৈ উভতি আহিবলৈ ৰাওনা হোৱাৰ সময়তেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

দূৰ্বৃত্তই কৈলাশ নাথক হত্যা কৰি ঝাৰখণ্ডৰ ৰাজখাৰচোৱা নামৰ এটা ৰেল ষ্টেচনত মৃতদেহ পেলাই থোৱা অৱস্থাত স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰে।

প্ৰয়াত কৈলাশ নাথ বামুনবাৰী সৰুফলীয়াৰ প্ৰয়াত ইন্দ্ৰেশ্বৰ নাথৰ কনিষ্ঠ পুত্ৰ। তথ্য অনুসৰি,বৰ্তমানেও যুৱকজনৰ মৃতদেহ ঝাৰখণ্ডতেই আছে।

দুৰ্ভগীয়া পৰিয়ালটোৱে কৈলাশ নাথৰ মৃতদেহ জামুগুৰিহাটৰ ঘৰলৈ ঘূৰাই আনিবলৈ চৰকাৰৰ সহায় বিচাৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত গভীৰ শোক আৰু ক্ষোভৰ পৰিৱেশ বিৰাজ কৰিছে।

Exit mobile version