ভয়ংকৰ গেছ চিলিণ্ডাৰ বিস্ফোৰণ, তিনিটা শিশুসহ ছজন জীৱন্তে দগ্ধ

IMG 20260115 142910

Fire:✒️ তেলেঙ্গানাৰ চিৰমাউৰ জিলাৰ ঘানদুৰী গাঁৱত গভীৰ নিশা সংঘটিত হয় গেছ চিলিণ্ডাৰ বিস্ফোৰণ। ঘটনাটোত তিনিটা শিশুসহ ছয়জন লোক জীৱন্তে দগ্ধ হৈ মৃত্যু মুখত পৰে।

বিস্ফোৰণৰ ফলত মুহূৰ্ততে কাষৰ কেবাখনো ঘৰত অগ্নিকাণ্ড সংঘটিত হয়। আৰক্ষীৰ মতে,নিশা প্ৰায় তিনি বজাত বিস্ফোৰণটো সংঘটিত হয়। সেই সময়ত ঘৰৰ লোকসকল গভীৰ নিদ্ৰাত আছিল।

দাউদাউকৈ জ্বলি উঠা জুই আৰু ক’লা ধোঁৱাত সমগ্ৰ অঞ্চল আচ্ছন্ন হৈ পৰে। উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতেই একাধিক ঘৰ জুইত ভস্মীভূত হৈ পৰে।

এই দুৰ্ঘটনাত মৃত্যু হয় নৰেশ কুমাৰ (৫০ বছৰ) তেওঁৰ পত্নী ৪৪ (বছৰ) তৃপ্তি (৩৬) কবিতা আৰু তিনিটা শিশু কীৰ্তিকা(১৩), ছাৰিকা(১৩) আৰু কাৰ্তিক(৩)। লগতে উদ্ধাৰ হয় এজন আহত ব্যক্তি।

উল্লেখযোগ্য যে, গাঁওখনত সেই সময়ছোৱাত মাঘী উৎসৱ চলি আছিল। দুৰ্ঘটনাৰ সময়ত ঘৰত প্ৰায় ৮-১০ জন লোক উপস্থিত আছিল।

Exit mobile version