Buffalo fighting In Ahatguri:ন্যায়লয়ৰ কঠোৰ নিষেধাজ্ঞাক অমান্য কৰি নগাঁও -মৰিগাঁৱৰ বিভিন্ন ঠাইত ম’হ যুঁজ অনুষ্ঠিত

WhatsApp Image 2026 01 15 at 7.07.18 PM

Buffalo fighting In Ahatguri:

নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত আজি অনুষ্ঠিত হয় ম’হযুঁজ।পুৱাতে লোকে লোকাৰণ্য হৈ পৰে ম’হযুঁজ থলী সমূহ।ঢোল -পেঁপাৰ মাত,বিহুনাম,গোৱালৰ কিৰিলি,ৰাইজৰ হৰ্ষোল্লাসেৰে মুখৰিত হৈ পৰে ম’হযুঁজ থলী সমূহ। ইতিহাস প্ৰসিদ্ধ আঁহতগুৰিৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ক্ষেত্ৰতো আজি অনুষ্ঠিত হয় ম’হযুঁজ।

অৱশ্যে, আঁহতগুৰিৰ এই ম’হযুঁজ অনুষ্ঠিত কৰে ম’হৰ গোৱাল আৰু গৰাকী সকলে। ন্যায়লয়ৰ কঠোৰ নিষেধাজ্ঞাকো উপেক্ষা কৰি আজি পহিলা মাঘৰ দিনটোত আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত কৰিলে ম’হযুঁজ।
পুৱাৰে পৰা ইহালৰ পাছত সিহাল গোণাম’হ আৰু বলধ ম’হ আনি আঁহতগুৰিৰ লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ক্ষেত্ৰত উপস্থিত হয়হি ম’হৰ গুৱাল আৰু ম’হৰ মালিক সকল।কিছুসময়ৰ পাছতেই লোক লোকাৰণ্য হৈ পৰে ম’হযুঁজ থলী।ঢোল-পেঁপাৰ মাত,বিহুনামে মুখৰিত হৈ পৰে পথাৰ খন। আজি আঁহতগুৰিত ২৫-৩০ যোৰ ম’হৰ যুঁজ হয়। ম’হযুঁজ চাবলৈ অহা হেজাৰ হেজাৰ লোকে জনসমুদ্ৰৰ সৃষ্টি কৰে আঁহতগুৰিত।

আনহাতে, নগাঁও জিলাৰ আন এক ইতিহাস প্ৰসিদ্ধ ম’হযুঁজ থলী ৰণথলী যমুনা জলাহৰ মৌখাটি পথাৰতো ন্যায়লয়ৰ ৰায়ক উপেক্ষা কৰিয়েই হেজাৰ হেজাৰ লোকৰ উপস্থিতিত আজি পুৱাৰে পৰা হালে হালে ম’হ যুঁজুৱা হয়।ইয়াতো নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ সম্পূৰ্ণ অসহায় হৈ ৰয়। আনহাতে,আজি পহিলা মাঘৰ দিনটোত নগাঁও জিলাৰ দক্ষিণপাট দেওবালি,কলিয়াবৰৰ শেনচোৱা পথাৰতো অনুষ্ঠিত হয় ম’হযুঁজ। ইপিনে,কালি মাঘ বিহুৰ দিনটোতেই নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী অৰ্জুনতলত অনুষ্ঠিত হয় ম’হযুঁজ।

Exit mobile version