Sadau Nagaon Bhugali bihu:
নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈৰ পাৰৰ নেহৰুবালিত ভোগালী বিহু উপলক্ষে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে। উদুলি মুদুলি পৰিবেশত নগঞা ৰাইজে হেপাহৰ ভোগালী বিহু উপভোগ কৰিছে। শীতৰ হিমচেচা বতৰকো আওকাণ কৰি নগঞা ৰাইজে নেহৰুবালিত ভীৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ আত্মসহায়ক গোটৰ বিপনী ,ন – চিন্তাৰে নিৰ্মাণ কৰা অসমীয়া গাঁৱৰ চহা জীৱনৰ প্ৰদৰ্শনী ,সাংস্কৃতিক অনুষ্ঠান আদিত ৰাইজৰ উপস্থিতি উৎসাহজনক। সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ উদ্যোগত আয়োজিত ১১৩ সংখ্যক ভোগালী বিহু উৎসৱৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচী বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। পুৱা এই সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে।
জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। নিজৰ উদ্ধোধনী ভাষণত মন্ত্ৰী হাজৰিকাই নগাঁৱৰ ভোগালী বিহু উৎসৱৰ ঐতিহ্যৰ কথা উল্লেখ কৰি কয় যে নগাঁৱৰ ঐতিহ্যমণ্ডিত এই ভোগালী বিহুৰ এক সুকীয়া পৰিচয় আছে। ভোগালী বিহুৱে সমাজলৈ সমন্বয় আৰু সংহতিৰ বাৰ্তা কঢ়িয়াই আনে।মাঘৰ মেজিৰ উত্তাপে সকলো অসুয়া দুৰ কৰি সকলোৰে বাবে সুখ – সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনিব। তেওঁ লগতে কয় যে নগাঁও মোৰ নিজৰ। নগাঁও মোৰ অতি আপোন।নগাঁৱৰ ১১৩ সংখ্যক বিহু উৎসৱত অংশগ্ৰহণ কৰিবলৈ পায় মই অত্যন্ত সুখী।আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় শিল্পী ,ৰাজেশ ভূঞা , দেৱজিৎ মজুমদাৰ , ,জনপ্ৰিয় অভিনেত্ৰী যশস্বী ভূঞা ,বিহু উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকন ,কাৰ্যকৰী সভাপতি তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা ,সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ বৰা ,ৰঞ্জিত বৰা সমন্বিতে উদযাপন সমিতিৰ সদস্য- সদস্যা আদিয়ে বিশাল সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বিভিন্ন জাতি- জনগোষ্ঠীৰ কৃষ্টি- সংস্কৃতিৰে সমৃদ্ধ এই সাংস্কৃতিক শোভাযাত্ৰাই নগাঁও চহৰত এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। শোভাযাত্ৰাৰ পিছতে তিনিটা শাখাৰ অমৃতকণ্ঠ জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।দুপৰীয়া দুটা শাখাত গীতা দাস আৰু পুৰ্ণকান্ত বৰা সোৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া জুবিন গাৰ্গৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত শিল্পী কুমাৰ ধীৰাজ ,বৰণ বিকাশ , মনমিতা ভৰদ্বাজ আদিয়ে গীত পৰিবেশন কৰে।
ইপিনে ১৩ জানুৱাৰীত আত্মসহায়ক গোটৰ বিপনী মুকলি কৰি বিধায়ক ৰূপক শৰ্মাই সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ শুভাৰম্ভ কৰে। সন্ধিয়া ভেলাঘৰত নাম কীৰ্তন অনুষ্ঠিত হয়। কালি পুৱা নগাঁৱস্থ ৰাজ্যিক শিশু আৰু নাৰীগৃহৰ আবাসী সকলৰ মাজত বিহুৰ জলপান বিতৰণ কৰা হয়। পুৱা দহবজাত বিহুৰ পতাকা উত্তোলন কৰে বিহু উৎসৱৰ সভাপতি ৰঞ্জিত কুমাৰ তামুলী ফুকনে। পতাকা উত্তোলনস্থলীতে বিহু উৎসৱৰ স্মৰণিকা ‘ ভোগালী ‘ উন্মোচন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই। নিজৰ ভাষণত শৰ্মাই নগাঁৱৰ এই ভোগালী বিহুৰ ইতিহাস উল্লেখ কৰি কয় যে নগাঁৱৰ নেহৰুবালিৰ ভোগালী বিহু সম্ভৱত অসমৰ প্ৰথম মঞ্চ বিহ। লগতে বিধায়ক গৰাকীয়ে নগাঁৱক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা ৰাইজক অৱগত কৰে। স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।মেজি প্ৰজ্বলন কৰে বিধায়ক ৰূপক শৰ্মাই। ইয়াৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়।
দিনৰ ১১ বজাত জেষ্ঠ নাগৰিক সকলক শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সমুহীয়া জলপান পৰিবেশন কৰা হয়। বিয়লি লৰা- ছোৱালীৰ খেলধেমালি ,হেমা দাস সোৱৰণী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত শিল্পী কমলিকা কাশ্যপ ,পৱনজিৎ সিংহ আদিয়ে গীত পৰিবেশন কৰে। কালিৰ অনুষ্ঠানৰ আতধৰে সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে। ১৮ জানুৱাৰীৰ নিশা বিহু উৎসৱৰ সামৰণি পৰিব।




































