PM Modi Assam Visit:অসমত প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰ বিস্তৃত কাৰ্যসূচী

WhatsApp Image 2026 01 16 at 3.59.35 PM

PM Modi Assam Visit:

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ভাৰতীয় বিমান বাহিনীৰ বিশেষ বিমানেৰে সন্ধিয়া ৫-২০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিমান বন্দৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায ,মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ,মেয়ৰ মৃগেন শৰণীয়া উস্ম আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰীক এয়াৰপৰ্ট চৌহদত বিভিন্ন সাংস্কৃতিক দলে নৃত্য – গীতেৰে অভিবাদন জনাব ৷

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ কনভয় ৰাওনা হ’ব সৰুসজাই ষ্টেডিয়ামলৈ ৷ ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ ১০ হাজাৰ নৃত্য শিল্পীৰে বিশ্ব অভিলেখৰ লক্ষ্যৰে প্ৰদৰ্শন কৰিব বাগৰুম্বা দহৌত। প্ৰধানমন্ত্ৰী মোদীয়ে এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লৈ এখন পুস্পসজ্জিত খোলা বাহনত শিল্পী সকলৰ মাজেৰে ষ্টেডিয়ামৰ চৌপাশ পৰিভ্ৰমণ কৰাৰ লগতে বাগৰুম্বা দহৌত উপভোগ কৰিব। তাৰ পিছত প্ৰধানমন্ত্ৰী মোদী ষ্টেডিয়ামৰ পৰা প্ৰত্যাৱৰ্তন কৰিব খানাপাৰাস্থিত কইনাধৰা ৰাজ্যিক অতিথি শালালৈ ৷ নিশাটো অতিথি শালাত কটাই দেওবাৰে পুৱা ৯-৩০ বজাত খানাপাৰাৰ পৰা এয়াৰফৰ্ছৰ পৰা বিশেষ হেলিকপ্টাৰেৰে কলিয়াবৰলৈ যাব ৷ তাত ১১ বজাত মৌচন্দা খেলপথাৰত সম্বোধন কৰিব বিশাল ৰাজহুৱা সভাক ৷ তাৰ পৰাই ভার্চুৱেলী কাজিৰঙাৰ এলিভেটেড কৰিড’ৰ প্রকল্প আৰু বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগঅফ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ পৰা পুনৰ হেলিকপ্টাৰেৰে গুৱাহাটীলৈ উভতি আহি প্ৰধানমন্ত্ৰী মোদী দুপৰীয়া এক বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ বিশেষ বিমানেৰে দিল্লীলৈ ৰাওনা হ’ব ৷

Exit mobile version