Wild Elephant Attack:তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ সন্ত্ৰাস

বন্যহস্তীৰ আক্ৰমণত নিহত এজন ব্যক্তি

WhatsApp Image 2026 01 16 at 12.20.47 PM

Wild Elephant Attack:

বন্যহস্তীৰ ধাৰাবাহিক উপদ্ৰৱত ত্ৰস্তমান তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল ৷ নিশা হ’লেও খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলায় অহা হাতীৰ জাকে প্ৰায়ে চেগুনবাৰী অঞ্চলত উপদ্ৰৱ অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে নিশা এটা বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন গঞা। শিবু কিস্কু নামৰ লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। সৰবৰহী লোকজনৰ কৰুণ মৃত্যুত শোকাহত হৈ পৰে চেগুনবাৰী অঞ্চল ৷

উল্লেখ্য যে নিশা হ’লেও চেগুনবাৰী আৰু ইয়াৰ পাশ্বৱৰ্তী গাঁৱত বনৰীয়া হাতীয়ে সঘনাই উপদ্ৰৱ চলাই আহিছে যদিও এইক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলবাসী ৰাইজ।

Exit mobile version