দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত মহিলাৰ সুৰক্ষাৰ দিশত এক ইতিবাচক তথ্য পোহৰলৈ আহিল। শেহতীয়াভাবে প্রকাশিত দিল্লী পৰিসংখ্যা পুস্তিকা ২০২৫ৰ তথ্য অনুসৰি যোৱা চাৰি বছৰত অর্থাৎ ২০২১ৰ পৰা ২০২৪ৰ সময়ছোৱাত দিল্লীত ধাৰাবাহিকভাৱে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ হ্রাস পাইছিল।
প্রতিবেদনত লগতে উল্লেখ কৰা হৈছে : যে উক্ত সময়ছোৱাত দিল্লীৰ বিভিন্ন থানাত মহিলাৰ বিৰুদ্ধে দাখিল কৰা অপৰাধৰ গোচৰৰ সংখ্যা প্রায় ১২ শতাংশ হ্রাস পাইছিল।
দিল্লীত ধর্ষণ,যৌতুকজনিত হত্যা আৰু মহিলা নির্যাতনসহ বিভিন্ন মহিলা বিৰোধী অপৰাধৰ ঘটনা প্রতি বছৰে অৱনমিত হৈছে। দিল্লীত মহিলাৰ বিৰুদ্ধে ২০২১৩ ৫,২০৮, ২০২২ত ৫,১১৯, ২০২৩৩ ৪,৯৮২ আৰু ২০২৪৩ ৪,৫৮৪ টা অপৰাধৰ গোচৰ ৰুজু হৈছিল।
বিগত চাৰি বছৰত মহিলাৰ নিৰাপত্তাৰ দিশৰ পৰা ২০২৪ বর্ষতো আছিল সবাতোকৈ সুৰক্ষিত।
