Buffalo Fight in Nagaon:নগাঁৱৰো বিভিন্ন অনুষ্ঠিত হ’ল ম’হ যুঁজ

গোনা ম'হৰ যুঁজত কঁপি উঠিল নগাঁৱৰ যমুনা জলাহৰ পথাৰ

WhatsApp Image 2026 01 17 at 4.15.28 PM

Buffalo Fight in Nagaon:

সৰ্বোচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাকো নেওচি গোনা ম’হৰ যুঁজত কঁপি উঠিল নগাঁও জিলাৰ যমুনা জলাহৰ পথাৰ। ইমানেই নহয়, মাঘৰ দ্বিতীয় দিনটোত নগাঁও জিলাৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ল ঐতিহ্যমণ্ডিত ম’হযুঁজ। উচ্চতম ন্যায়ালয়ৰ কোনো বাধাই বোধিব নোৱাৰিলে ম’হৰ গোৱালসকলক। ম’হৰ গোৱাল, ম’হৰৰ গৰাকী আৰু স্থানীয় কৃষিজীৱী ৰাইজৰ সন্মুখত সম্পূর্ণৰূপে অসহায় হৈ ৰ’ল আৰক্ষী-প্রশাসন। নগাঁও জিলাৰ বিভিন্ন প্রান্তৰ পৰা যমুনা জলাহলৈ অহা গোৱালসকলে নিজস্বভাৱে যুঁজালে নিজৰ নিজৰ গোনা ম’হক। যমুনা জলাহত অনুষ্ঠিত ম’হযুঁজৰ কার্যসূচীত কে’বাহালো গোনা ম’হে প্রচণ্ড যুঁজ দি কে’বা সহস্রাধিক দর্শকক আমোদ দিয়া পৰিলক্ষিত হয়। এয়াই যেন মাঘ বিহুৰ মাদকতা। এফালে ন্যায়ালয়ৰ বাধা, আনফালে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ প্ৰয়াস।

উল্লেখ্য যে ম’হ যুঁজ উপলক্ষে পুৱাৰে পৰা গোৱালসকলে ঢোল-তাল বজাই যমুনা জলাহৰ ম’হ যুঁজস্থলীলৈ নিজৰ নিজৰ ম’হ লৈ আনে। লোকে লোকাৰণ্য হৈ পৰে ম’হ যুঁজথলী।

Exit mobile version