Counterfeit Cigarettes:নগাঁৱৰ বজাৰত নকল চিগাৰেটৰ পয়োভৰ

WhatsApp Image 2026 01 17 at 4.06.17 PM

Counterfeit cigarettes:

এইবাৰ নগাঁৱৰ বজাৰত ধৰা পৰিছে ধুমপান কৰাসকলৰ মাজত বিশেষভাৱে জনপ্রিয় ‘চামচ’ চিগাৰেটৰ একেই নাম একেই আর্হিত প্ৰস্তুত কৰা এবিধ ভেজাল চিগাৰেট। অতি নিম্নমানৰ ভেজাল সামগ্ৰী ব্যৱহাৰৰ কৰি প্ৰস্তুত কৰা এই চিগাৰেটবিধ সাধাৰণতে বজাৰত উপলব্ধ চিগাৰেটসমূহতকৈ অতি ভয়াৱহ মানুহৰ শৰীৰৰ বাবে।

ইতিমধ্যে নগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নগাঁও চহৰৰ বৰবজাৰ অঞ্চলত অনুসন্ধান চলাই একাংশ বিপণীৰ বৃহৎ পৰিমাণৰ নকল ‘চামচ’ চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছে। নগাঁও আৰক্ষীয়ে এই সম্পর্কে ১০৩০/২৫ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version