Fire in Paltan Bazar:মহানগৰীৰ পল্টনবজাৰৰ অপ্সৰা চিনেমা হলৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড

এটা অট্টালিকাৰ দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ড,কথমপি প্ৰাণৰক্ষা অট্টালিকাত থকা মহিলা সহ শিশুৰ

WhatsApp Image 2026 01 17 at 4.54.39 PM

Fire in Paltan Bazar:

মহানগৰীৰ সদাব্যস্ত পল্টনবজাৰত অগ্নিকাণ্ড ৷ অপ্সৰা চিনেমা হলৰ সমীপতে থকা এটা অট্টালিকাৰ দ্বিতীয় মহলাত সংঘটিত হয় অগ্নিকাণ্ড ৷ মুহূৰ্ততে সূত্ৰপাত জুয়ে আগুৰি ধৰে অট্টালিকাৰ দ্বিতীয় মহলাতো । অট্টালিকাটোৰ আবাসী সকলে প্ৰাণৰ মমতাত চিঞৰ- বাখৰ কৰাত স্থানীয় লোকে বহু চেষ্টা কৰি মহিলাসহ শিশুক সুকলমে উদ্ধাৰ কৰে ৷ আনহাতে অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন হয়।

Exit mobile version